এছ বি আইৰ ধুবুৰী শাখাত কোভিড আতংক…

এছ বি আইৰ ধুবুৰী শাখাত কোভিড আতংক…

author-image
asomiyapratidin
New Update
এছ বি আইৰ ধুবুৰী শাখাত কোভিড আতংক…

  • ভাৰতীয় ষ্টেট বেংকৰ ধুবুৰী শাখাত কোভিডৰ আতংক।
  • বেংকটোৰ ৮ গৰাকীকৈ কৰ্মচাৰী আক্ৰান্ত হৈছে কোভিডত।
  • বৃহস্পতিবাৰে পুৱা বেংকলৈ অহাৰ পিছতে তেওঁলোকৰ কোভিড পজিটিভ হোৱাৰ খবৰ লাভ কৰে।
  • কৰ্মচাৰীকেইজনৰ দেহত সোমবাৰে কৰা হৈছিল কোভিড পৰীক্ষা।
  • সেই পৰীক্ষাৰ ফলাফলৰ ভিত্তিত বৃহস্পতিবাৰে কৰ্মচাৰীকেইজন কোভিড পজিটিভ হিচাপে চিনাক্ত হয়।
  • ইয়াৰ পিছতে বেংকটোৰ ৮ গৰাকীকৈ কৰ্মচাৰী কোভিডত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ আহে।
  • ইয়াৰ পিছতে কোভিড আক্ৰান্ত কৰ্মচাৰী কেইগৰাকীক বেংকৰ এটা কোঠাত আবদ্ধ কৰি ৰখা হয়।
  • লগতে বেংকৰ কাম-কাজ সাময়িকভাৱে স্থগিত ৰখা হৈছে।
  • বেংকৰ কৰ্মচাৰীৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰাৰ পিছতেই বেংকটোলৈ যোৱা গ্ৰাহকসকলৰ মাজত সৃষ্টি হৈছে কোভিড আতংক।