ধুবুৰীত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ চেক বিতৰণ...

উৎপাদনমূলক আৰু ব্যৱসায়িক কামৰ বাবেহে ঋণ লওকঃ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস
dhuburi microfinance
dhuburi microfinance

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলাত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ দ্বিতীয় শ্ৰেণীৰ হিতাধিকাৰীসকলক চেক বিতৰণ প্ৰক্ৰিয়াৰ সোমবাৰে শুভাৰম্ভ কৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

ধুবুৰী জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত এখন সভাত মন্ত্ৰী দাসে পাঁচগৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে ৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী দাসে হিতাধিকাৰী মহিলাসকলক উৎপাদনমূলক আৰু ব্যৱসায়িক কামৰ বাবেহে ঋণ ল'বলৈ আহ্বান জনায় কয় যে 'আত্ম নিৰ্ভৰশীল হ'বলৈ ঋণ লওক আৰু সময়মতে পৰিশোধ কৰক ৷ তেতিয়া বেংকে অধিক ঋণ দিব ৷ কিন্তু পুনৰ ঋণ লৈ ঘূৰাই নিদি চৰকাৰে দিব বুলি যদি ভাবি আছে তেনেহ'লে ভুল কৰিছে ৷ আমি এবাৰ সহায় কৰিলো, আৰু নকৰো ৷

তেওঁ এনেধৰণৰ জনদৰদী আঁচনিৰ কৃতিত্ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দিয়ে ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে লগতে কয়, 'অসমত তিনি লাখ আত্মসহায়ক গোট আছে আৰু প্ৰতিটো গোটত দহগৰাকীকৈ প্ৰায় ত্ৰিশ লাখ আত্মসহায়ক গোটৰ সদস্যা আছে ৷ আমি প্ৰতিগৰাকীকে উৎপাদনশীল কামৰ বাবে এক লাখ টকাকৈ দিয়াৰ পৰিকল্পনা কৰি আছো যাতে তেওঁলোকে অধিক আয় কৰিব পাৰে ৷ আমাৰ এই সপোন বাস্তৱায়িত হ'লে অসমৰ অৰ্থনীতিলৈ এক জাগৰণ আহিব ৷'

চৰকাৰৰ দৰিদ্ৰ প্ৰীতি আৰু এইক্ষেত্ৰত লোৱা পদক্ষেপৰ প্ৰসংগত খাদ্য, আসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰো দায়িত্বত থকা মন্ত্ৰী দাসে কয়,'আমাৰ চৰকাৰৰ আহ্বান আৰু প্ৰচেষ্টাৰ বাবে ৰাজ্যৰ বহু আৰ্থিকভাৱে স্বচ্ছল লোকে ৰেচন কাৰ্ড ত্যাগ কৰিছে ৷ ফলত আমি নতুনকৈ ৫২ লাখ দুখীয়া হিতাধিকাৰীক ৰেচন কাৰ্ড দিব পাৰিম ৷ ধুবুৰীতো ২ লাখ ১২ হাজাৰ দুখীয়া মানুহে নতুনকৈ ৰেচন কাৰ্ড পাব ৷'

অনুষ্ঠানত আদৰণি ভাষণ দি জিলা উপায়ুক্ত দিবাকৰ নাথে কয় - অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ দ্বিতীয় শ্ৰেণীত ধুবুৰী জিলাত মুঠ ১৪৮৩ গৰাকী হিতাধিকাৰীক ২.৪৮ কোটি টকাৰ চেক বিতৰণ কৰা হ'ব ৷ আজিৰ অনুষ্ঠান অন্ত পৰাৰ পিছতে প্ৰায় আঢ়ৈশ হিতাধিকাৰীক চেক বিতৰণ কৰা হয় ৷ বাকী হিতাধিকাৰীসকলক ৰাজহ চক্ৰ বিষয়া বা খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে চেকসমূহ দিয়া হ'ব ৷

আজিৰ অনুষ্ঠানত ধুবুৰী পৌৰসভাৰ পৌৰপতি ডাঃ দেৱময় সান্যাল, নীপকোৰ স্বতন্ত্ৰ সঞ্চালক বিমল অছৱাল, প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে ভাষণ প্ৰদান কৰে ৷ প্ৰাক্তন বিধায়ক তথা অসম ৰাজ্যিক বেচা কিনা নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংঘী, সমাজকৰ্মী প্ৰসেনজিৎ দত্ত প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি আৰু কেবাশ হিতাধিকাৰী ৰাইজ সভাত উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in