ধুবুৰীৰ উচ্চতৰ মাধ্যমিক শিক্ষক-কৰ্মচাৰী সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় আন্ত:বিদ্যালয় কুইজ প্ৰতিযোগিতা...

শনিবাৰে ধুবুৰী জিলা বিদ্যালয় সমূহৰ কাৰ্যলয় প্ৰাঙ্গনত জিলা ভিত্তিক এখনি আন্ত:বিদ্যালয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়
dhuburi quize compitition
dhuburi quize compitition

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ উদ্যোগত শনিবাৰে ধুবুৰী জিলা বিদ্যালয় সমূহৰ কাৰ্যলয় প্ৰাঙ্গনত জিলা ভিত্তিক এখনি আন্ত:বিদ্যালয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা তথা বিশিষ্ট নিবন্ধকাৰ পাৰভীন চুলতানাই কুইজ মাষ্টাৰ হিচাপে পৰিচালনা কৰা প্ৰতিযোগিতাখনত জিলাখনৰ ১৫ খনকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰে। আবেলি ২.৩০ বজাত আৰম্ভ হোৱা বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে ধুবুৰী জিলা সংমন্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসে।

পৰিদৰ্শক গৰাকীয়ে ছাত্র-ছাত্ৰী সকলক এনেধৰণৰ অধিক প্ৰতিযোগিতাত অংশগ্রহণৰ জৰিয়তে উন্নতিৰ শিখৰত আৰোহণ কৰিবলৈ উৎসাহিত কৰাৰ লগতে সন্থাৰ উদ্যোক্তা বিষয়ববীয়া সকলকো ধন্যবাদ জ্ঞাপন কৰে।

ধুবুৰী জিলা উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ উপ-সভাপতি নজৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ধুবুৰী জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক তথা কাচখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাম, চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হজৰত আলী, সত্ৰশাল উচ্চতৰ মাধ্যমিক বিদ্যাপীঠৰ অধ্যক্ষ আয়ুব আলী শ্বেখ, বিশিষ্ট সক্ৰিয় অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অহিদ খান পেৰিছে।

কুইজ মাষ্টাৰ আৰু অতিথিসকলে ছাত্র-ছাত্ৰীসকলৰ উদ্দেশ্যে বহুতো পৰামৰ্শ মূলক ভাষণ আগবঢ়ায়। উদ্যোক্তা সন্থাৰ সম্পাদক ৰবিউল ইছলাম ছেলিমে পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাত বিভিন্ন বিদ্যালয়ৰ অংশগ্রহণকাৰী কিছু ছাত্র-ছাত্ৰীৰ গীতৰ শৰাইয়ে অনুষ্ঠানটি জীপাল কৰি তোলে।

কুইজ প্ৰতিযোগিতাতখনিত প্ৰথম পুৰষ্কাৰ বুটলিবলৈ সক্ষম হয় চাপৰ ৰৌমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্র ছফিকুল ইছলাম আৰু ৰেজাউল কৰিম, দ্বিতীয় স্থান দখল কৰে কাচখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্র অভিমন্যু শীল আৰু হৃদয় কুমাৰ ৰায় আৰু তৃতীয় স্থান দখল কৰে শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্র অশুতোষ ঘোষ আৰু সুজাতা পালে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in