ধুবুৰী জিলাত আৰক্ষীৰ অভিযানঃ তীৰ খেলৰ ঘাটি উচ্ছেদ...

অসামাজিক কাৰ্য-কলাপ বিশেষ কৈ চুৰি, ডকাইতি, তীৰ-জুৱাৰ বিৰুদ্ধে অধিক তৎপৰ হৈ পৰিছে ধুবুৰী জিলা আৰক্ষী। জিলা খনৰ তামাৰহাট আৰক্ষী থানাৰ আৰক্ষীৰ এটি দলে এক

author-image
Asomiya Pratidin
New Update
uyjjs

ডিজিটেল সংবাদ, ধুবুৰীঃ অসামাজিক কাৰ্য-কলাপ বিশেষ কৈ চুৰি, ডকাইতি, তীৰ-জুৱাৰ বিৰুদ্ধে অধিক তৎপৰ হৈ পৰিছে ধুবুৰী জিলা আৰক্ষী। জিলা খনৰ তামাৰহাট আৰক্ষী থানাৰ আৰক্ষীৰ এটি দলে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই উক্ত থানা এলেকাৰ তামাশা বজাৰৰ পৰা অবৈধ তীৰ খেলৰ ঘাটি উচ্ছেদ কৰাৰ লগতে তিনি জন কৈ তীৰ খেলৰ এজেণ্টক আৰক্ষীৰ দলটোৱে গ্ৰেপ্তাৰ কৰিছে।

Advertisment

ধৃত তীৰ খেলৰ এজেণ্ট তিনিজনক উক্ত অন্চলৰ জব্বাৰ আলী, নুৰু সেখ আৰু ইয়াকুদ্দিন সেখ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে তীৰ খেলৰ এজেণ্ট কেইজনৰ পৰা নগদ ১৫৬০ টকা,তীৰ খেলৰ সা-সামগ্ৰী আৰু ২ টা ম'বাইল হেণ্ড ছেট জব্দ কৰি তিনিওকে তামাৰহাট আৰক্ষী থানালৈ লৈ আনি তদন্ত চলাই আছে।

একেদৰে ধুবুৰী চহৰৰ পৰা কিছুদিন পূৰ্বে ডব্লিউ বি ৭৪ এ এম ৮০৬৪ নম্বৰৰ এখন ছুপাৰ স্প্লেণ্ডাৰ মটৰ চাইকেল চুৰি হৈ যোৱাৰ পিচত ধুবুৰী আৰক্ষীয়ে অতি তৎপৰতাৰে সেই চুৰি হোৱা মটৰ চাইকেল খন উদ্ধাৰ কৰাৰ লগতে উক্ত ঘটনা সন্দৰ্ভত দুজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ধৃত যুৱক দুজনক জিলা খনৰ তামাৰহাট আৰক্ষী থানাৰ আশ্ৰাফুল সেখ আৰু শ্বালাম সেখ বুলি চিনাক্ত কৰা হৈছে।

ইয়াৰ সমান্তৰাল কৈ জিলা খনৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত শালকোচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ট্ৰাকৰ চুৰি হোৱা পাৰ্টছ আদি উদ্ধাৰ কৰাৰ লগতে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে বুলি আৰক্ষীৰ এটি সূত্ৰই আজি সদৰী কৰিছে। ধৃত যুৱক জনক চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত হাতীপোতা দ্বিতীয় খণ্ডৰ কুসুম আলীৰ পুত্ৰ ৰফিকুল ইছলাম বুলি আৰক্ষী সূত্ৰই আজি ব্যক্ত কৰিছে।

ধুবুৰী