/asomiyapratidin/media/media_files/2025/07/03/uyhhh-2025-07-03-09-58-04.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠান, একাংশ দোকানে জিএছটি ফাঁকিৰে ৰমৰমীয়া ব্যাৱসায় চলাই থকা বুলি অভিযোগ উল্থাপিত হোৱাত অসম চৰকাৰৰ ৰাজ্যিক জিএছটি বিভাগৰ এটি বৃহৎ দলে মাজ নিশা লৈকে ধুবুৰীৰ কেতবোৰ ঠাইত অভিযান চলোৱাৰ ঘটনাই ধুবুৰী চহৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত খবৰ অনুসৰি যোৱা নিশা ধুবুৰীৰ নিউঘাটত থকা ডেম্প এখনত ৰাজ্যিক জিএছটি বিভাগৰ এটি দলে মাজ নিশা লৈকে অভিযান চলায়। ডেম্পটোৰ গৰাকী মাৰফত আলীয়ে জিএছটি ফাঁকিৰে ব্যৱসায় চলোৱাৰ অভিযোগ উল্থাপিত হৈছে।অভিযানকাৰী দলটোৱে ডেম্পটোত অভিযান চলাই জব্দ কৰে বহু নথি পত্ৰ।
অৱশ্যে ৰাজ্যিক জিএছটি বিভাগৰ অভিযানকাৰী দলটোৱে ব্যাৱসায়ী জনৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহন কৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।