ডিজিটেল সংবাদ, ধুবুৰীঃ শাৰদীয় দুৰ্গোৎসৱৰ মাজত মাথোন কেইটামান দিন বাকী থকা মূহুৰ্ততে ধুবুৰী চহৰত বিভিন্ন দুৰ্গা পূজাৰ কমিটী সমুহে ব্যাপক প্ৰস্তুতি চলাইছে। ইয়াৰ সমান্তৰাল কৈ ধুবুৰীৰ এগৰাকী শিল্পীয়ে নিজৰ একক প্ৰচেষ্টাৰে দুটাকৈ ব্যতিক্ৰমী দুৰ্গা প্ৰতিমা সাজি উলিওৱাত ধুবুৰীত বেছ চৰ্চা লাভ কৰা দেখা গৈছে।
পেছাত এগৰাকী চৰকাৰী কৰ্মচাৰী তথা শিল্পী সঞ্জীৱ বসাকে এইবাৰ শ্বাৰ্টৰ বুতাম আৰু কাৰ্বন কপাৰেৰে পৃথকে পৃথকে দুটাকৈ দুৰ্গা প্ৰতিমা সাজি উলিয়াইছে। শ্বাৰ্টৰ বুুতামেৰে নিৰ্মাণ কৰি উলিওৱা দুৰ্গা প্ৰতিমা টো সাজি উলিয়াঁওতে সন্জীৱ বসাকৰ সময় লাগিছে প্ৰায় তিনিমাহ।
আনহাতে কাৰ্বন কপাৰেৰে সাজি উলিওৱা দুৰ্গা প্ৰতিমা টো নিৰ্মাণ কৰি উলিয়াঁওতে তেওঁৰ সময় লাগিছে প্ৰায় ৯ মাহ। অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ ক্ষেত্ৰ পৰিদৰ্শক হিচাপে কৰ্মৰত সন্জীৱ বসাকৰ ঘৰ হৈছে ধুবুৰী চহৰৰ ৩ নং ৱাৰ্ডত। চৰকাৰী কাম-কাজৰ ব্যস্ততাৰ মাজতো বসাকে ঘৰলৈ আহি প্ৰতি নিশা ৯ বজাৰ পৰা তেঁওৰ এই সৃষ্টিশীল কাম-কাজ সমুহ কৰি আছে।
ইয়াৰ পূৰ্বেও সঞ্জীৱ বসাকে দিয়া চলাইৰ কাঠি, প্লাষ্টিকৰ পেলনীয়া বটল, প্লাষ্টিকৰ চামুচ, থাৰ্মক'ল, কেপচুল আৰু টেবলেট আদি বিভিন্ন পেলনীয়া সামগ্ৰীৰে দুৰ্গা প্ৰতিমা বনাই বিভিন্ন দল-সংগঠনে তেঁওক ভূয়সী প্ৰশংসিত কৰাৰ লগতে ইণ্ডিয়ান বুক ৰেকৰ্ডছ, আছাম বুক অব ৰেকৰ্ডছে তেঁওৰ শিল্প-কৰ্মৰ ভূয়সী প্ৰশংসা কৰি তেঁওক সন্মানিত কৰিছিল। এইবেলিও দুৰ্গা পূজাত তেঁও শ্বাৰ্টৰ বুতামৰ দ্বাৰা নিৰ্মাণ কৰা দুৰ্গা প্ৰতিমা আৰু কাৰ্বন কপাৰেৰে নিৰ্মাণ কৰা দুৰ্গা প্ৰতিমা দুটা ধুবুৰীৰ দুখন কৈ দুৰ্গা পূজা কমিটীত স্থান লাভ কৰিব বুলি জানিব পৰা গৈছে।