/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/45ed4d19-f87f-4eca-88c1-f1c262ab94ef.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ ষ্টেটিক চাৰ্ভিলেঞ্চ টিমৰ ধাৰাবাহিক অভিযানত উদ্ধাৰ হৈছে লাখ লাখ টকা। নিৰ্বাচনৰ পূৰ্বে একপ্ৰকাৰ টকাৰ উজান উঠিছে ধুবুৰীত। মঙলবাৰে পুনৰ নিয়মীয়া অভিযানত উদ্ধাৰ হৈছে ১১ লাখ ৮০ হাজাৰ টকা।
উল্লেখযোগ্য যে, মঙলবাৰে নিশাৰ ভাগত ধুবুৰী চহৰৰ ঝাগৰাৰ পাৰ তিনিআলিত ধুবুৰী চক্ৰ বিষয়া তথা কাৰ্য্যবাহী দণ্ডাধীশ জয় শৰ্মাৰ উপস্থিতিত ষ্টেটিক চাৰ্ভিলেন্সৰ এটা বিশেষ দলে আৰক্ষীৰ সহযোগত এখন বাহনত অভিযান চলাই টকা খিনি জব্দ কৰে।
জব্দকৃত ধনখিনক লৈ তদন্ত অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষী আৰু জিলা প্ৰশাসনে। কাৰ্য্যবাহী দণ্ডাধীশ গৰাকীয়ে জনোৱা মতে, টকাখিনি ধুবুৰীৰ গৌৰীপুৰৰ সঞ্জয় কুমাৰ গুপ্তা নামৰ এজন ব্যৱসায়ীৰ।
উল্লেখযোগ্য যে, নিৰ্বাচনী বিধি অনুসৰি কোনো লোকে ৫০ হাজাৰতকৈ বেছি টকা সৰবৰাহ কৰিব নোৱাৰে যদিও ব্যৱসায়ীজনে কি কাৰণত বৃহৎ পৰিমাণৰ টকা সৰবৰাহ কৰিছিল সেয়া লক্ষণীয় হৈ পৰিছে। ব্যৱসায়ীজনে তেওঁৰ ব্যৱসায়ৰ টকা বুলি দাবী কৰিছে যদিও উপযুক্ত প্ৰমাণ দেখুৱাব পাৰে নে নোৱাৰে সেয়াই গুৰুত্বপূৰ্ণ প্ৰশ্ন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us