ধুবুৰীৰ পিৰামল ফাউণ্ডেশ্যনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন…

ধুবুৰীৰ পিৰামল ফাউণ্ডেশ্যনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন…

author-image
asomiyapratidin
New Update
ধুবুৰীৰ পিৰামল ফাউণ্ডেশ্যনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন…

প্ৰতিদিন ডিজিটেল সংবাদ, ধুবুৰী : শুকুৰবাৰে এচপ্ৰিৰেশ্বনেল ডিষ্ট্ৰিক্ট কলাবৰেটিভ-পিৰামল ফাউণ্ডেশ্যন ধুবুৰীৰ উদ্যোগত আৰু স্থানীয় স্বেচ্ছাসেৱী অনুষ্ঠান সোণাখুলী বিজুলী ক্লাব আৰু হালাকুৰা মহাবিদ্যালয়ৰ যুটীয়া সহযোগত ধুবুৰীৰ আগমনী শিক্ষাখণ্ডৰ অন্তৰ্গত হালাকুৰা মহাবিদ্যালয়ত "মত বিনিময় (Exchange of Thoughts and ideas)" নামৰ এক আলোচনাৰ মাজেৰে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন কৰা হয়।

Advertisment

সভাখনত ধুবুৰী জিলাৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত পাঁচটাকৈ সমস্যা বাল্যবিবাহ, ড্ৰাগচ আসক্তি, শিশু শ্ৰমিক, স্বাস্থ্য জনিত সমস্যা আৰু কৌশল বিকাশৰ ওপৰত দলীয় আলোচনা ও প্ৰদৰ্শনীৰ মাধ্যমত ইয়াৰ সমাধানৰ বাবে যুৱচামৰ পালন কৰিবলগীয়া কাৰ্যপন্থাৰ ওপৰত আলোচনা কৰা হয়। সভাখনত ধুবুৰীৰ সহকাৰী আয়ুক্ত অমৃতা দত্ত, হালাকুৰা আৰক্ষী থানাৰ উপ-পৰিদৰ্শক দীপজ্যোতি ইংতি, স্থানীয় সোণাখুলি বিজুলী ক্লাবকে ধৰি হালাকুৰা অঞ্চলৰ কেইবাটাও স্বেচ্ছাসেৱী সংগঠনৰ যুৱসদস্য, মহাবিদ্যালয়খনৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে মহাবিদ্যালয়ৰ শিক্ষাগুৰু সকল আৰু পিৰামল ফাউণ্ডেশ্যন ধুবুৰী জিলাৰ স্পৃহা গায়ন, নেহা ভট্টাচাৰ্য, মনিৰুল ইছলাম আৰু মৈত্ৰেয়ী শইকীয়া উপস্থিত থাকে।

সাধাৰণতে হোৱা অনুষ্ঠানতকৈ পৃথক এক আলোচনাৰ মাধ্যমেৰে যুৱচামক সামাজিকভাৱে দায়বদ্ধ কৰা এই প্ৰচেষ্টাক হালাকুৰা মহাবিদ্যালয়ৰ কতৃপক্ষৰ লগতে উপস্থিত যুৱচামে পিৰামল ফাউণ্ডেশ্যনক প্ৰশংসা কৰে বুলি পিৰামল ফাউণ্ডেশ্যনৰ স্পৃহা গায়নে জানিবলৈ দিয়ে।

আৰু পঢ়ক : নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ 'প্রভাত ফেৰী' কাৰ্যসূচী ৰূপায়ণ…

assam international youth day dhuburi