ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলালে বাংলা ছবি জগতৰ দুগৰাকী অভিনেত্ৰীয়ে…

ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলালে বাংলা ছবি জগতৰ দুগৰাকী অভিনেত্ৰীয়ে…

author-image
asomiyapratidin
New Update
ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলালে বাংলা ছবি জগতৰ দুগৰাকী অভিনেত্ৰীয়ে…

ডিজিটেল সংবাদ, ধুবুৰীঃ নিৰ্বাচন ক্ৰৰ্মাৎ ওচৰ চপাৰ লগে লগে ধুবুৰীত নিৰ্বাচনী বতাহ  গৰম হৈ আহিছে। কেইদিনমান পূৰ্বে পশ্চিম বংগ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে হেলিকপ্টাৰ লৈ আহি দলীয় প্ৰাৰ্থী নুৰল ইছলাম চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ইয়াৰ পিছতেই শুকুৰবাৰে  বংগৰ তৃণমূল কংগ্রেছৰ ৰাজ্য সভাৰ সাংসদ শান্তনু সেন, বাংলা ছবি জগতৰ অভিনেত্ৰী তথা পশ্চিম বংগৰ বশিৰহাট সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰতিদ্বন্দী প্ৰাৰ্থী নুস্ৰোত জাহান আৰু অভিনেত্ৰী ৰুণা খাতুনে হেলিকপ্টাৰ যোগে আহি উপস্থিত হয় ধুবুৰীত। ধুবুৰীৰ ঝাগৰাৰ পাৰত হেলিকপ্টাৰ অৱতৰণ কৰিয়েই ধুবুৰী চহৰত এখন ৰেলী উলিয়াই ধুবুৰীৰ দলীয় প্ৰাৰ্থী নুৰল ইছলাম চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।

ইপিনে ৰেলি সমাপ্ত কৰিয়েই ধুবুৰীৰ গোলকগঞ্জ সমষ্টিৰ বেলগুৰিত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলায়। সংবাদ মাধ্যমৰ আগত এইবেলি নিৰ্বাচনত পশ্চিম বংগৰ মুঠ ৪২ খন আসনৰ ভিতৰত আটাইকেইটা আসন তৃণমূল কংগ্ৰেছে লাভ কৰিব বুলি দাবী কৰি অসমতো তৃণমূল কংগ্ৰেছে ভাল ফলাফল দেখুৱাব বুলি দাবী কৰে তৃণমূল কংগ্ৰেছৰ সাংসদ শান্তনু সেনে। লগতে ধুবুৰীৰ ৰাইজে এইবাৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী নুৰল ইছলাম চৌধুৰী তথা এন আই চৌধুৰীক ভোট প্ৰদান কৰিব বুলি দাবী কৰে সাংসদ গৰাকীয়ে।

আনহাতে অসমত বঙালী সকলৰ অস্তিত্ব সংকটত বুলি দাবী কৰাৰ বিপৰীতে গুজৰাটত বিহাৰীৰ অস্তিত্ব সংকটত আৰু ৰাজস্থানত মাৰোৱাৰী সকলৰ অস্তিত্ব সংকটত বুলি উল্লেখ কৰি বিজেপিয়ে জাত পাতৰ ৰাজনীতি কৰি অহাৰ বাবেই ভাৰত বৰ্ষৰ ৰাইজে এইবাৰ তৃণমূল কংগ্ৰেছক আঁকোৱালি লৈছে বুলি দাবী কৰে সাংসদ গৰাকীয়ে। আনহাতে এন আৰ চিৰ প্ৰসংগ উপস্থাপন কৰি কেন্দ্ৰীয় আৰু ৰাজ্য অসমৰ হিন্দু মুছলমান ৰাইজৰ ওপৰত বুলদোজাৰ চলাইছে বুলি কৈ অসমৰ লাখ লাখ লোকৰ কথা চিন্তা নকৰি বাংলাদেশৰ পৰা লাখ লাখ লোকক অসমত সংস্থাপন দিবলৈ ওলাইছে বিজেপি চৰকাৰে বুলি কৈ সমালোচনা কৰে তৃণমূল কংগ্ৰেছৰ সাংসদ গৰাকীয়ে।

একেদৰে বাংলা ছবি জগতৰ অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী নুস্ৰোত জাহানে পশ্চিম বংগৰ ৪২ খন আসনৰ আটাইকেইটা আসনেই তৃণমূল কংগ্ৰেছৰ দখলত থাকিব বুলি দাবী কৰে । লগতে এন আৰ চি আৰু অসমৰ উন্নয়নেই মূল ইচ্ছু হিচাপে লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে বুলি উল্লেখ কৰে অভিনেত্ৰী গৰাকীয়ে। ইপিনে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী নুৰল ইছলাম চৌধুৰীয়ে নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰে।