ধুবুৰীৰ চিলাৰায় মাল্টিস্পেচিয়েলিটি হাস্পতালত উত্তপ্ত পৰিস্থিতি...

এজন যুৱকৰ মৃত্যুক কেন্দ্র কৰি তীব্র উত্তেজনাৰ সৃষ্টি

author-image
Asomiya Pratidin
New Update
ধুবুৰীৰ চিলাৰায় মাল্টিস্পেচিয়েলিটি হাস্পতালত উত্তপ্ত পৰিস্থিতি...

dhuburi death

ডিজিটেল ডেস্ক : ধুবুৰীৰ চিলাৰায় মাল্টিস্পেচিয়েলিটি হাস্পতালত উত্তপ্ত পৰিস্থিতি।এজন যুৱকৰ মৃত্যুক কেন্দ্র কৰি তীব্র উত্তেজনাৰ সৃষ্টি হয় হাস্পতালখনত। যুৱকজন ধুবুৰীৰ ১৬নং ৱাৰ্ডৰ বিনোদ বিন।

উল্লেখ্য যে বিদ্যুৎস্পৃষ্ট হোৱাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যুৱকজনক।চিকিৎসকৰ গাফিলতিত যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ তুলিছে ৰাইজে। ৰাইজে যুৱকজনৰ মৃতদেহ লৈ পথ অৱৰোধ কৰে। আনহাতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠীচালনা কৰিবল লগা হয়।

assam dhuburi