ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ উদ্যোগত চিকিৎসা শিবিৰঃ বিভিন্ন সামগ্ৰী বিতৰণ….

ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ উদ্যোগত চিকিৎসা শিবিৰঃ বিভিন্ন সামগ্ৰী বিতৰণ….

author-image
asomiyapratidin
New Update
ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ উদ্যোগত চিকিৎসা শিবিৰঃ বিভিন্ন সামগ্ৰী বিতৰণ….

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ মহামায়াৰ চৰৰ বজাৰ ঘাটত সীমান্ত সুৰক্ষা বাহিনীৰ  ৪১ নম্বৰ বেটলিয়নৰ উদ্যোগত এখন নাগৰিক কাৰ্যক্ৰম অনুষ্ঠিত হয় । অনুষ্ঠানৰ আৰম্ভনিতে সীমান্ত সুৰক্ষা বাহিনীৰ উপ-মহানিৰ্দেশক জে চি নায়কে অনুষ্ঠানৰ শুভ উদ্ধোধন কৰে। অনুষ্ঠানত ৪১ বেটলিয়নৰ সীমান্ত সুৰক্ষা বাহিনীৰ সেনানায়ক সঞ্জয় কুমাৰ সিং,মুখ্য চিকিৎসা বিষয়া ডা° এইচ এল জাট, দ্বিতীয় সেনানায়ক মনিষ ৰাজ ,উপ-সেনানায়ক  আৰ এছ মটে আদি বিশিষ্ট লোকসকল উপস্থিত থাকে।

Advertisment

শুকুৰবাৰৰ এই অনুষ্ঠানত প্ৰায় ৮ লক্ষাধিক টকাৰ সামগ্ৰী ৰাইজৰ মাজত বিতৰণ কৰা হয় । ইয়াৰ ভিতৰত কৃষি কৰ্মত জড়িত থকাসকললৈ বিভিন্ন বস্তু আৰু সজুলি, মহিলা সকলৰ বাবে চিলাই মেছিন স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলৰ বাবে কেৰম, ফুটবল, ভলিবলসহ বিভিন্ন লাগতিয়াল বস্তু বিতৰণ কৰা হয়।

আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন বিনামূলীয়াকৈ চিকিৎসা শিবিৰ তথা ঔষধ বিতৰণ কাৰ্যসূচী পালন কৰা হয়। উল্লেখ্য যে এনে ধৰনৰ নাগৰিক কাৰ্যক্ৰম প্ৰতিবছৰে সীমান্ত সুৰক্ষা বাহিনীয়ে ধাৰাবাহিকভাবে  সম্পন্ন কৰি আহিছে বুলি উপ-মহানিদেৰ্শক জে চি নায়কে কয়।

assam BSF iindo bangla boarder ধুবৰীৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ উদ্যোগত চিকিৎসা শিবিৰ