Advertisment

ধুবুৰীত বৰলুইতৰ বুকুত দৃষ্টিনন্দন নৌকা সমদল…

ধুবুৰীত বৰলুইতৰ বুকুত দৃষ্টিনন্দন নৌকা সমদল…

author-image
asomiyapratidin
New Update
ধুবুৰীত বৰলুইতৰ বুকুত দৃষ্টিনন্দন নৌকা সমদল…

ডিজিটেল ডেস্ক, ধুবুৰী : 'আজাদী কা অমৃত মহোৎসৱ' উদযাপনৰ অংশ হিচাপে ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত শনিবাৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত উলিওৱা হয় এটা নয়নাভিৰাম নৌকা সমদল ৷ 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী আৰম্ভ হোৱাৰ দিনটোতে মেৰাইন ইঞ্জিনযুক্ত ৭৫খন সু-সজ্জিত নৌকাই প্ৰায় এঘন্টাৰো অধিক সময় বৰলুইতৰ বুকুত সমদল কৰি বিলাই যায় স্বাধীনতাৰ গৌৰৱ গাঁথা ৷ নদীৰ বুকুত সৃষ্টি হয় প্ৰতিজন ভাৰতীয়ক দেশপ্ৰেমৰ অনুভূতিৰে সিক্ত কৰি তুলিব পৰা এক দৃশ্য ৷

Advertisment

মহাবাহুৰ বুকুত দেখিবলৈ পোৱা গ'ল তিৰংগাৰ লহৰ ৷ ধুবুৰী টাউনৰ কাছাৰী ঘাটৰ পৰা উলিওৱা তিৰংগা নৌকা সমদল আনুষ্ঠানিকভাৱে মুকলি কৰে ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে ৷ জিলা আৰক্ষী অধীক্ষক অভিজিত গুৰাৱ, জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, ধুবুৰী পৌৰসভাৰ পৌৰপতি ডাঃ দেৱময় সান্যাল প্ৰমুখ্যে জিলা প্ৰশাসনৰ সকলো বিষয়া আৰু বহুসংখ্যক কৰ্মচাৰী। ধুবুৰীৰ স্থানীয় বিশিষ্ট নাগৰিকসকলে ভাগ লোৱা নৌকা সমদলটো কছাৰীঘাটৰ পৰা প্ৰথমে চলাকুৰা চৰলৈ গৈ উভটি আহি নিৰ্মীয়মান ধুবুৰী- ফুলবাৰী দলঙৰ দিশলৈ কিছুদূৰ যায় ৷

তাৰ পৰা উভটি আহি ধুবুৰী টাউনৰ বি এছ এফ ৱাটাৰ উইঙৰ ঘাটত সমদলটোৰ অন্ত পৰে ৷ জিলা উপায়ুক্তৰ পৰিকল্পনা আৰু তত্বাৱধানত ৰূপায়ণ কৰা এই নৌকা সমদলৰ জৰিয়তে ধুবুৰীৰ চৰ অঞ্চলত থকা হাজাৰ হাজাৰ লোকক দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে চলি থকা 'আজাদী কা অমৃত মহোৎসৱ'ৰ সৈতে সাঙুৰি লৈ দেশাত্মকবোধ আৰু দেশপ্ৰেমৰ বাণীৰে সকলোকে উদ্বুদ্ধ কৰিবলৈ প্ৰয়াস কৰা হয় ৷

এই সমদলক লৈ ধুবুৰীৰ ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা যায় ৷ চলাকুৰা চৰত শতাধিক শিক্ষাৰ্থীয়ে জাতীয় পতাকা জোকাৰি সমদলটোলৈ সঁহাৰি জনোৱাৰ দৃশ্য আছিল অতিশয় মনোমোহা ৷ উভটি অহাৰ সময়তো ধুবুৰীৰ বি এছ এফ ঘাটত কেইবাশ শিক্ষাৰ্থীয়ে জাতীয় পতাকা জোকাৰি সমদলটোক আদৰণি জনায় ৷

আৰু পঢ়ক : ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ধূপধৰা ই-ৰিক্সা সন্থাৰ স্বচ্ছ ভাৰত অভিযান…

assam himanta biswa sarma bjp dhubri