ধুবুৰীৰ নাও দুৰ্ঘটনাত সন্ধানহীন চক্র বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ...

যোৱা ২৯ ছেপ্টেম্বৰত ধুবুৰীৰ ব্ৰহ্মপুত্ৰত সংঘটিত হৈছিল নাও দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
ধুবুৰীৰ নাও দুৰ্ঘটনাত সন্ধানহীন চক্র বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ...

dhuburi boat accident update

ডিজিটেল ডেস্ক : যোৱা ২৯ ছেপ্টেম্বৰত ধুবুৰীৰ ব্ৰহ্মপুত্ৰত সংঘটিত হৈছিল নাও দুৰ্ঘটনা। চক্ৰ বিষয়া সঞ্জু দাসৰ সৈতে আন কেইবাজনো লোক সন্ধানহীন হৈ আছিল ব্ৰহ্মপুত্ৰৰ বুকুত। দুৰ্ঘটনা সংঘটিত হোৱাৰ ৩ দিন পাছত আজি ২ অক্টোৰ দিনা সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ হৈছে।

উল্লেখ্য যে ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটি হোৱা নাও দুৰ্ঘটনাৰ সমীপতে দেওবাৰে পুৱা উদ্ধাৰ হয় সঞ্জু দাসৰ মৃতদেহ। বৰ্তমানলৈ কিমানজন লোক সন্ধানহীন হৈ আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

আনহাতে ধুবুৰীৰ ফেৰী দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে ধুবুৰী জিলাৰ উপায়ুক্তই শনিবাৰে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছিল। ফেৰী বা নাৱত অধিক যাত্ৰী যাব নোৱাৰিব।  জীৱন ৰক্ষাকাৰী সামগ্ৰী যেনে লাইফ জেকেট, অগ্নি নিৰ্বাপক যন্ত্ৰ, ফাৰ্ষ্ট এইড বক্স আদি থাকিব লাগিব ৷

আনহাতে কাৰ্গো বা সামগ্ৰী কঢ়িওৱা নাও বা ফেৰীত আভ্যন্তৰীন জলপৰিবহণ বিভাগে নিৰ্ধাৰণ কৰা নাও বা ফেৰীৰ সৰ্বাধিক চাৰিজন কৰ্মচাৰীৰ বাহিৰে কোনো লোক বা যাত্ৰী যাব নোৱাৰিব বুলি উপায়ুক্তগৰাকীয়ে নিৰ্দেশনা জাৰি কৰে ৷

assam boat accident dhuburi