সীমান্ত সুৰক্ষা বাহিনীৰ মটৰ চাইকেল ৰেলী, নৱ প্ৰজন্মক দেশ সেৱাৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা…

সীমান্ত সুৰক্ষা বাহিনীৰ মটৰ চাইকেল ৰেলী, নৱ প্ৰজন্মক দেশ সেৱাৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা…

author-image
asomiyapratidin
New Update
সীমান্ত সুৰক্ষা বাহিনীৰ মটৰ চাইকেল ৰেলী, নৱ প্ৰজন্মক দেশ সেৱাৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা…

ডিজিটেল ডেস্ক, ধুবুৰী : 'আজাদী কা অমৃৎ মহোৎসৱ'ৰ লগত সংগতি ৰাখি সীমান্ত সুৰক্ষা বাহিনীৰ এটা মটৰ চাইকেল সমদল যোৱা ২ ছেপ্টেম্বৰ নিশা ধুবুৰীত উপস্থিত হয়। যোৱা ১ ছেপ্টেম্বত শ্বিলঙৰ পৰা উক্ত সমদল আৰম্ভ হৈছিল আৰু ৬ ছেপ্টেম্বত দিল্লীত সমাপ্ত হ'ৱ বুলি জানিব পৰা গৈছে। সীমান্ত সুৰক্ষা বাহিনীৰ জাঁবাজ আৰু সীমা ভৱানী দল দুটাই সমদলত অংশ গ্ৰহণ কৰিছে।

Advertisment

মটৰ ছাইকেল সমদলৰ জৰিয়তে নৱ প্ৰজন্মক সীমান্ত সুৰক্ষা বাহিনীত ভৰ্তি হোৱাৰ বাবে আহ্বান জনাই দেশ সেৱাৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা চলোৱা হৈছে। বাহিনীটোৰ মুঠ ৩৪ জন পুৰুষ আৰু মহিলা মটৰ চাইকেল সমদলত অংশগ্ৰহণ কৰে। মহিলা সকলেও যে পুৰুষতকৈ কোনে গুণে কম নহয় সেই বিষয়ে মহিলা সমাজকো এই সমদলৰ জৰিয়তে সজাগ কৰি তোলা দেখা গৈছে।

উক্ত সমদলত মটৰচাইকেল আৰোহীসকলে মটৰচাইকেলৰ সৈতে আশ্চৰ্যজনক কৃতিত্ব আৰু ষ্টাণ্ট প্ৰদৰ্শন আৰু "ভাৰত মাতা কী জয়" ধ্বনিৰে দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰি তুলে আৰু উপস্থিত সমাবেশত মটৰ চাইকেল আৰোহীসকলক উৎসাহিত কৰিছিল। এই সমদলৰ জৰিয়তে মহিলা সমাজকো সীমান্ত সুৰক্ষা বাহিনীত যোগদান কৰাৰ আহ্বান জনোৱা হৈছে।

ধুবুৰী লায়ন্স ক্লাবৰ সহযোগত সীমান্ত সুৰক্ষা বাহিনীয়ে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ উপৰিও সমদলটোয়ে ঠায়ে ঠায়ে এন চি চি কেডাৰসকলক ছাত্ৰ-ছাত্ৰী আৰু যুৱসকলৰ সৈতে সাক্ষাৎ কৰে আৰু তেওঁলোকক দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় ঐক্য, ড্ৰাগছৰ বিৰুদ্ধে সজাগতা আৰু সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়ে তথ্য ভাগ বতৰা কৰে আৰু তেওঁলোকক গৌৰৱেৰে দেশৰ সেৱা কৰিবলৈ সীমান্ত সুৰক্ষা বাহিনীত যোগদান কৰিবৰ বাবে অনুপ্ৰাণিত কৰে।

ধুবুৰীৰ পাণবাৰী সীমান্ত সুৰক্ষা বাহিনীৰ কেম্পত নিশা কটাই ৩ ছেপ্টেম্বৰত গৌৰীপুৰ হৈ পশ্চিমবংগৰ কোচবিহাৰ অভিমুখে দলটো ৰাওনা হয়।

assam Assam police