/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/c8d0b348-be79-46e1-acb4-b5a0460499aa/rail_07.jpg)
কাণত হেডফোন লগোৱাই হ'ল কাল ! চাপৰত ৰে'লৰ খুন্দাত যুৱকৰ মৃত্যু...
ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ধীৰঘাটত আজি পুৱা নিউ ময়নাগুৰিৰ পৰা যোগীঘোপা অভিমূখে আহি থকা মালবাহী ট্ৰেইনৰ খুন্দাত এগৰাকী যুৱকৰ মৃত্যু হোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত বাতৰি মতে, চাপৰ শালকোচা উন্নয়ন খণ্ডৰ অধীনস্থ পুঠিমাৰী গাওঁ পঞ্চায়তৰ শিমলাবাৰী প্ৰথম খণ্ডৰ নিবাসী ছফিউৰ ৰহমানৰ পুত্ৰ সিৰাজুল হক (25) ৰাতিপুৱা এঘাৰ মান বজাত ধীৰঘাট মমতা ইটা ভাটাৰ সমীপত থকা ৰে'লপথত কাণত হেডফোন লগাই খোজ কাঢ়ি আছিল।
উক্ত সময়ত নিউ ময়নাগুৰিৰ পৰা যোগীঘোপা অভিমূখে আহি থকা এখন মালবাহী ট্ৰেইনৰ খুন্দাত সিৰাজুল হক থিতাতে নিহত হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। পিছত চাপৰ আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰে।
মৃত সিৰাজুল হকে এই সংসাৰত পত্নীসহ এগৰাকী পুত্ৰ সন্তান এৰি থৈ যায়। উল্লেখযোগ্য যে, চাপৰ তথ ইয়াৰ পাৰ্শ্ববতী অঞ্চলত সঘনাই ৰে'লৰ খুন্দাত মানুহৰ মৃত্যু হোৱা ঘটনাই শংকিত কৰি তুলিছে অঞ্চলবাসী ৰাইজক।
Also Read: বি ভি এফ চি এলত ৫২ সংখ্যক ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস উদযাপন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us