ধুবুৰীৰ গৌৰীপুৰৰ গদাধৰ নৈত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ...

গৌৰীপুৰৰ গদাধৰ নৈত আজি এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। তাৰঘাট দলঙৰ তলত নৈৰ পানীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে ৰাইজে। 

author-image
Asomiya Pratidin
New Update
ধুবুৰীৰ গৌৰীপুৰৰ গদাধৰ নৈত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ...

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰৰ গদাধৰ নৈত আজি এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। তাৰঘাট দলঙৰ তলত নৈৰ পানীত উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰথমে আজি মৃতদেহটো প্ৰত্যক্ষ কৰে। 

ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত লগে লগে আৰক্ষীক খবৰ দিয়ে।উদ্ধাৰ হোৱা মৃতদেহটো মহিলাৰ। অৱশ্যে এতিয়ালৈকে মহিলাগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই।

মৃতদেহ উদ্ধাৰৰ ঘটনাৰ খবৰ বিয়পি পৰাৰ পিছতে ঘটনাস্থলীত বহু লোকৰ আগমণ ঘটে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। 

গৌৰীপুৰ অচিনাক্ত মৃতদেহ