ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ...

এতিয়াও চিনাক্ত হোৱা নাই মৃতদেহ

author-image
Asomiya Pratidin
New Update
নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহাৰ পথত দুৰ্ঘটনাঃ নিহত ৫ জন...

ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ...

ডিজিটেল সংবাদ ধুবুৰীঃ আজি দিনৰ ভাগত ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নৈত এক অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছে। ব্ৰহ্মপুত্ৰত এই অচিনাক্ত মৃতদেহ ভাঁহি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হয়।

Advertisment

উল্লেখ্য যে ধুবুৰীৰ গোৱালাপট্টি অঞ্চলৰ ব্ৰহ্মপুত্ৰ নৈত উদ্ধাৰ হোৱা এই মৃতদেহ পুৰুষৰ। স্থানীয় ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়ে।

পাছত স্থানীয় ধুবুৰী আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি লৈ যায় আৰু মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। উদ্ধাৰ হোৱা মৃতদেহ এতিয়াও চিনাক্ত কৰা হোৱা নাই। মৃতদেহৰ দেহত আছে নীলা ৰঙৰ চাৰ্ট আৰু ক'লা ৰঙৰ পেণ্ট।

Also Read: ৭২ বছৰত জীৱন নাট সামৰিলে আছাম ট্ৰিবিউনৰ সঞ্চালক সুৰজিৎ গোবিন্দ বৰুৱাই

মৃতদেহ উদ্ধাৰ ব্ৰহ্মপুত্ৰ