৩৪ লাখ টকা লৈ উধাও হোৱা বেংক কৰ্মচাৰী শিৱশংকৰ প্ৰসাদক গ্ৰেপ্তাৰ

দক্ষিণ শালমাৰা ইউকো বেংকৰ পৰা এগৰাকী কৰ্মচাৰীয়ে ৩৪ লাখ টকা লৈ উধাও হৈ পৰা ঘটনাই ধুবুৰীত চাঞ্চল্য সৃষ্টি কৰিছিল। সেই কৰ্মচাৰীগৰাকীক বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

author-image
Tushar Pratim
New Update
 ৩৪ লাখ টকা লৈ উধাও হোৱা বেংক কৰ্মচাৰী শিৱশংকৰ প্ৰসাদক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰীস্থিত দক্ষিণ শালমাৰা ইউকো বেংকৰ পৰা এগৰাকী কৰ্মচাৰীয়ে ৩৪ লাখ টকা লৈ উধাও হৈ পৰা ঘটনাই ধুবুৰীত চাঞ্চল্য সৃষ্টি কৰিছিল।  এই চাঞ্চল্য অব্যাহত থকাৰ সময়তে ধুবুৰী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মেহবুব আলীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই ৬ এপ্ৰিলৰ কাহিলীপুৱা প্ৰায় ৪.৩০ বজাত বিহাৰৰ বৈশালী জিলাৰ সাইদপুৰ ৰাজৌলি গাঁৱৰ পৰা বেংক কৰ্মচাৰী শিৱশংকৰ প্ৰসাদ বিনক গ্ৰেপ্তাৰ কৰাৰ বাতৰি পোৱা গৈছে।

Advertisment

আৰক্ষীয়ে বেংক কৰ্মচাৰী জনক গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁৰ পৰা নগদ ১০ লাখ টকাও উদ্ধাৰ কৰে। ইপিনে আৰক্ষীয়ে আজি নিচেই পুৱাতে বিহাৰৰ পৰা শিৱশংকৰ প্ৰসাদ বিনক গ্ৰেপ্তাৰ কৰি ধুবুৰী সদৰ থানালৈ লৈ আনিছে।

আজি ধুবুৰী আৰক্ষীয়ে শিৱশংকৰ প্ৰসাদ বিনক ধুবুৰী আদালতলৈ প্ৰেৰণ কৰি তেওঁকনিজৰ জিম্মাত বিচাৰে। উল্লেখযোগ্য যে, যে ধুবুৰী চহৰত অৱস্থিত ইউকো বেংকৰ দক্ষিণ শালমাৰা শাখাত কৰ্মৰত শিৱশংকৰ প্ৰসাদ বিন নামৰ  কৰ্মচাৰী জনে বেংকৰ পৰা প্ৰায় ৩৪ লাখ টকা সৰকাই লৈ চলিত বৰ্ষৰ যোৱা ফেব্ৰুৱাৰী মাহত  ধুবুৰীৰ পৰা পলায়ন কৰিছিল।

এই ঘটনা সন্দৰ্ভত ইউকো বেংকৰ দক্ষিণ শালমাৰা শাখাৰ শাখা প্ৰৱন্ধক চিৰদীপ পালে ধুবুৰী সদৰ আৰক্ষী থানাত শিৱশংকৰ প্ৰসাদ বিনৰ বিৰুদ্ধে এখন লিখিত এজাহাৰ দাখিল কৰিছিল। বেংক কৰ্মচাৰী শিৱশংকৰ প্ৰসাদ বিনে যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা গ্ৰাহকে ইউকো বেংকৰ দক্ষিণ শাল মাৰা শাখাত জমা দিয়া ধনৰ বেংকত জমা নকৰি নিজে আত্মসাৎ কৰিছিল।

অকল গ্ৰাহকৰ জমা ধন বেংকত জমা নকৰি আত্মসাত কৰাই নহয় বেংকৰ জমা ধনো লৈ উধাও হৈছিল।

অসম আৰক্ষী বিহাৰ দক্ষিণ শালমাৰা