ধুবুৰীত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ শিশু সহ দুজনৰ মৃত্যু

ধুবুৰীত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ শিশু সহ দুজনৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
ধুবুৰীত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ শিশু সহ দুজনৰ মৃত্যু

ডিজিটেল সংবাদ, ধুবুৰী: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধুবুৰী জিলাতো জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ ধুবুৰী জিলাৰ ধুবুৰী সদৰ চহৰৰ ১৪ নং ৱাৰ্ডৰ বাসিন্দা আকবৰ আলী সৰকাৰ(৬০) আৰু বিলাসীপাৰা মহকুমাৰ ৰাণীগন্জ এলেকাৰ আফ্ৰিণ বেগম নামৰ দুবছৰীয়া শিশু এটি জাপানীজ এনকেফেলা ইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছে।

Advertisment

যোৱা ১৮ জুলাইত গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছিল ২বছৰীয়া শিশু আফ্ৰিন বেগমৰ। ইপিনে বৃহস্পতিবাৰে গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছিল আকবৰ আলি সৰকাৰৰ।

জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগে গা কৰি উঠাৰ পিচতে জিলাখনৰ স্বাস্থ্য বিভাগ অধিক তৎপৰ হৈছে ৰোগ প্ৰতিৰোধৰ বাবে। ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলি ধুবুৰী জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ অৰূপ কুমাৰ চৌধুৰীয়ে জানিবলৈ দিয়ে ৷ বৰ্তমানে জিলাখনত ১১ জনকৈ লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে যদিও তেঁওলোকৰ উপযুক্ত চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ অৰূপ কুমাৰ চৌধুৰীয়ে সদৰী কৰে।

Also Read: অলিম্পিকত পুৰুষে খেলিছে মহিলা বক্সাৰ বিৰুদ্ধে ! ৪৫ ছেকেণ্ডতে ৰিং এৰিলে অসহায় বক্সাৰে...

japanese encephalitis