আৰক্ষীয়ে চলালে লীলা, জনতাই কৰিলে ধৰি বান্ধি কিলা...

বাট পথত সাধাৰণ ৰাইজে কিবা ভুল কৰিলে সততে জৰিমণা বিহিবলৈ সস্তম হৈ থাকে আৰক্ষী তথা প্ৰশাসন বিভাগ

author-image
Asomiya Pratidin
New Update
আৰক্ষীয়ে চলালে লীলা, জনতাই কৰিলে ধৰি বান্ধি কিলা...

ডিজিটেল সংবাদ, চাপৰঃ বাট পথত সাধাৰণ ৰাইজে কিবা ভুল কৰিলে সততে জৰিমণা বিহিবলৈ সদা সস্তম হৈ থাকে আৰক্ষী তথা প্ৰশাসন বিভাগ । সাধাৰণ জনতাই নিয়ম উলংঘা কৰিলেটো নিস্তাৰ নাই লগা লগেই বিহা হয় জৰিমণা । ৰাইজক জৰিমণা বিহা ৰাজ্যৰ আৰক্ষী বিভাগটোৰ যদিহে কোনো লোকে যেতিয়া নিয়ম ভংগ কৰাৰো নজিৰ আছে । শেহতীয়াকৈ আৰক্ষীৰ পোছকধাৰী এজন লোকৰ ফটোক লৈ তীব্ৰ চৰ্চা অব্যাহত আছে চাপৰত ।

Advertisment

কিয়নো আইন ৰক্ষাকাৰীয়ে খোদ আৰক্ষীয়ে বিষয়াই ফোনত কথা পাতি হেলমেট অবিহনে চলাইছে বাইক। চাপৰৰ শালকোচাৰ ৰাজপথত এইজন আৰক্ষীয়ে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বিনা হেলমেটত বাইক চলোৱাৰ সাধাৰণ ৰাইজৰ দৃষ্টিগোচৰ হৈছে। পিছে নিয়ম নমনা এইজন আৰক্ষীক বিহিব কোনে জৰিমনা ? লগতে সচেতন ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে আৰক্ষী হ'লে নিয়ম নেমানিলেও চলে নেকি ?

Also Read: আন্তঃৰাষ্ট্ৰীয় তৰুণ ৰাষ্ট্ৰদূত সন্মিলনত অংশগ্ৰহন অসম কন্যা ঋষিকা মহন্তৰ...

police