গৌৰীপুৰত পিষ্টলসহ দুজন যুৱকক আটক আৰক্ষীৰ

আটক হোৱা যুৱক দুজনৰ নাম মকবুক হুছেইন আৰু মকছেদ আলী। আৰক্ষীয়ে যুৱক দুজনক আটক কৰা পাছতে পৰিয়ালৰ লোকে অভিযোগ কৰে যে, আৰক্ষীয়ে খোদ পিষ্টল ৰাখি পৰিকল্পিত ভাৱে যুৱক দুজনক আটক কৰিছে।

author-image
Asomiya Pratidin
New Update
yyy

ডিজিটেল সংবাদ,পৰ্বতজোৰাঃ   ধুবুৰীৰ গৌৰীপুৰত উত্তপ্ত পৰিস্থিতি। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, দেওবাৰে নিশা গৌৰীপুৰ আৰক্ষীয়ে লালকুৰা গাঁৱত অভিযান চলাই দুটা পিষ্টলসহ দুজন যুৱকক আটক কৰে।

Advertisment

আটক হোৱা যুৱক দুজনৰ নাম মকবুক হুছেইন আৰু মকছেদ আলী। আৰক্ষীয়ে যুৱক দুজনক আটক কৰা পাছতে পৰিয়ালৰ লোকে অভিযোগ কৰে যে, আৰক্ষীয়ে খোদ পিষ্টল ৰাখি পৰিকল্পিত ভাৱে যুৱক দুজনক আটক কৰিছে।

ইয়াৰ পাছতে আজি শতাধিক মহিলাই গৌৰীপুৰ থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। গাঁৱৰ প্ৰায় ডেৰ শতাধিক পুৰুষ মহিলা ওলাই আহি গৌৰীপুৰ থানা ঘেৰাও কৰি যুৱক দুজনক মুক্তি কৰি দিয়াৰ দাবী জনাইছে।

ধুবুৰী গৌৰীপুৰ