/asomiyapratidin/media/media_files/2025/07/21/web-ap-dhubri-2025-07-21-21-12-00.jpg)
ডিজিটেল সংবাদ ধুবুৰীঃ খাৰুৱা তেল, খনিজ সম্পদৰে চহকী অসমৰ ভূগৰ্ভ যে অমূল্য ৰত্নৰে ভৰপূৰ সেই কথা পুনৰ এবাৰ প্ৰমাণ হ’ল জিঅ’লজিকেল পটেনচিয়েল অৱ নৰ্থ ইষ্ট ইণ্ডিয়াই চলোৱা এক অধ্যয়নত প্ৰমাণিত হৈছে। খাৰুৱা তেল, চূণ শিল, কয়লা আদিকে কৰি খনিজ সম্পদৰে চহকী অসমৰ ভূ-গৰ্ভত এইবাৰ লোৰ আকৰৰ উপস্থিতিৰ সন্ধান পোৱা গৈছে।
তথ্য অনুসৰি ধুবুৰী জিলাৰ চান্দৰডিঙা পাহাৰত অতি মূল্যবান লোৰ আকৰৰ ভঁৰালৰ সন্ধান পোৱা গৈছে বুলি ভাৰত চৰকাৰৰ খনিজ মন্ত্ৰণালয়ৰ অধীনস্থ জিঅ'লজিকেল ছাৰ্ভে অব ইণ্ডিয়াই চলোৱা অধ্যয়নত পোহৰলৈ আহিছে। উল্লেখযোগ্য যে ধুবুৰী জিলাৰ চান্দৰডিঙা পাহাৰ অঞ্চলত প্ৰায় ১৮.২৯ নিযুত মেট্ৰিক টন লোৰ আঁকৰ থকাৰ অনুমান কৰা হৈছে। যাৰ গড় মান ৩৭.৪৫ শতাংশ।
২০২৫ চনৰ জুন মাহত প্ৰকাশিত "জিঅ'লজিকেল পটেনচিয়াল অব নৰ্থ ইষ্ট ইণ্ডিয়া” নামৰ হেণ্ডবুকত এই তথ্য প্ৰকাশ পাইছে। ধুবুৰী জিলাৰ চান্দৰডিঙা পাহাৰত গুৰুত্বপূর্ণ লোৰ আকৰক ভঁৰালৰ সন্ধান পোৱা বিষয়টোৱে ধুবুৰী জিলাক ৰাষ্ট্ৰীয় খনিজ মানচিত্ৰত প্ৰতিষ্ঠিত কৰি তুলিব বুলি অনুমান কৰা হৈছে।
ইয়াৰ লগে লগে উন্নয়ন আৰু বিনিয়োগৰ ক্ষেত্ৰতো অভূতপূৰ্ব সম্ভাৱনাৰ দুৱাৰ খোল খাব বুলি ধাৰণা কৰা হৈছে। মন কৰিবলগীয়া এয়ে যে লোৰ আঁকৰ হৈছে আধুনিক উদ্যোগৰ মূল আধাৰ। ই প্ৰধানকৈ ষ্টীল উৎপাদনত ব্যৱহাৰ হয় আৰু বিশ্বব্যাপী লোৰ আকৰৰ প্ৰায় ৯৮ শতাংশ ব্যৱহাৰ এই উদ্দেশ্যেই কৰা হয়।
বিশেষকৈ ষ্টীলৰ প্ৰয়োজনীয়তা গাড়ী, জাহাজ, ৰে'ল, যন্ত্ৰপাতি, গৃহ উপকৰণ, আৰু আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত অপৰিহাৰ্য। লোৰ আকৰ কেৱল ষ্টীল উৎপাদনতেই সীমাবদ্ধ নহয়। বাকী ২ শতাংশ আকৰ বিশেষ খণ্ডত যেনে—চিকিৎসা, ধাতু বৈজ্ঞানিক গৱেষণা, ৰাসায়নিক প্ৰতিক্ৰিয়া, ৰঙৰ উৎপাদন আৰু ধাতুবিদ্যা আদি ব্যৱহাৰ কৰা হয়।
এই ধৰণৰ বহুমুখী ব্যৱহাৰেও লোৰ আকৰক অৰ্থনৈতিক গুৰুত্ব অধিক বৃদ্ধি কৰিছে। ধুবুৰীৰ চান্দৰডিঙা অঞ্চলৰ এই ঐতিহাসিক আৱিষ্কাৰে অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰতো এক বৈপ্লৱিক জাগৰণ অনাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
ৰাজ্যৰ ভিতৰতে লোৰ আকৰৰ উৎস থাকিলে ই নতুন উদ্যোগ স্থাপন, অধিক কর্ম সংস্থাপন আৰু ৰাজ্যিক জিডিপিত উল্লেখযোগ্য অৱদান আগবঢ়াব পাৰে। এই আৱিষ্কাৰে দেশৰ আত্মনির্ভৰ উদ্যোগ নীতিৰ লগত সু-সামঞ্জস্যপূর্ণ বুলি ধৰি লোৱা হৈছে।
যদিও ধুবুৰীৰ লোৰ আকৰৰ মান তুলনামূলকভাৱে মধ্যম তথাপিও আধুনিক পৰিশোধন প্ৰযুক্তিৰে এই ধৰণৰ আকৰক উন্নত কৰি অৰ্থনৈতিকভাৱে লাভজনক ৰূপত ব্যৱহাৰ কৰিব পাৰি। ধুবুৰীৰ চান্দৰডিঙাৰ এই লোৰ আকৰৰ ভঁৰালৰ সম্পূৰ্ণ পৰিমাণ আৰু আৰ্থিক সম্ভাৱনা বিচাৰ কৰাৰ বাবে বিস্তৃত সমীক্ষা আৰম্ভ হোৱাৰ লগে লগে অসমবাসী তথা সমগ্ৰ দেশবাসী এই ঐতিহাসিক ভূগৰ্ভস্থ সম্পদক কেন্দ্ৰ কৰি এক নতুন উদ্যোগিক যুগৰ আৰম্ভণিৰ আশাৰে অপেক্ষা কৰি আছে।