বিলাসীপাৰাৰ পৰা জেহাদীৰ সন্দেহত এজনক আটক এছ টি এফৰ...

আজি বিলাসীপাৰাত অসম আৰক্ষীৰ বিশেষ টাক্স ফৰ্চে এক  অভিযান চলাই জেহাদীৰ সন্দেহত এজন ব্যক্তিক আটক কৰিছে। যোৱা সময়ছোৱাত বিলাসীপাৰাকে ধৰি ধুবুৰীৰ বিভিন্ন প্ৰান্তত এছ টি এফে অভিযান অব্যাহত ৰাখিছে। 

author-image
Asomiya Pratidin
New Update
বিলাসীপাৰাৰ পৰা জেহাদীৰ সন্দেহত এজনক আটক এছ টি এফৰ...

ডিজিটেল সংবাদ ধুবুৰীঃ আজি বিলাসীপাৰাত অসম আৰক্ষীৰ বিশেষ টাক্স ফৰ্চে এক  অভিযান চলাই জেহাদীৰ সন্দেহত এজন ব্যক্তিক আটক কৰিছে। যোৱা সময়ছোৱাত বিলাসীপাৰাকে ধৰি ধুবুৰীৰ বিভিন্ন প্ৰান্তত এছ টি এফে অভিযান অব্যাহত ৰাখিছে। 

আজি এছ টি এফে আটক কৰা ব্যক্তিজনৰ নাম আজিবৰ আলী। ২৮ বৰ্ষীয় আজিবৰ আলীৰ গৰ বিলাসীপাৰাৰ চিনামাৰী গাঁৱত। পেছাত এগৰাকী কম্পিউটাৰ দোকানী আজিবৰৰ বিৰুদ্ধে জেহাদীৰে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগ উঠিছে। 


আজি এছ টি এফে আটক কৰি আজিবৰক চিধাই গুৱাহাটীলৈ লৈ গৈছে। গুৱাহাটীত এছ টি এফৰ মুখ্য কাৰ্যালয়ত তেওঁক সোধপোছ কৰিব। 


উল্লেখ্য যে, পূৰ্বেও এছ টি এফে বিলাসীপাৰা আৰু কোকৰাঝাৰৰ পৰা জইছ-ই-মহম্মদৰ সৈতে জড়িত থকাৰ সন্দেহত কেইবাজনো ব্যক্তিকে আটক কৰাৰ লগতে দুধৰ্ষ জেহাদীকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। 

এছ টি এফ বিলাসীপাৰা