ডিজিটেল সংবাদ, ধুবুৰী: শনিবাৰে ধুবুৰী জিলাৰ ধৰ্মশালা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ আলমগঞ্জ গেৰামাৰী একত্ৰীকৰণ উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত বহু বৈশিষ্ট সম্পন্ন (Multi Speciality Camp) এটি বিশেষ স্বাস্থ্য শিবিৰ আয়োজন কৰা হয়।
জিলাখনত প্ৰতিদিনে প্ৰতিখন খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ স্কুল আৰু অংগনৱাদী কেন্দ্ৰ সমূহত ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ চিকিৎসকসকলে শিক্ষাৰ্থীসকলৰ স্বাস্থ্য পৰীক্ষা কৰি আছে। ইয়াৰোপৰি শিক্ষাৰ্থী সকলৰ সামগ্ৰিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ স্বাস্থ্য শিবিৰটো বিশেষভাৱে অনুষ্ঠিত কৰা হয়।
এই স্বাস্থ্য শিবিৰটোত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা শিশু, অস্থি, নাক-কান আৰু ডিঙি, মনোৰোগ, চকু, আৰু দন্তৰ ৰোগ বিশেষজ্ঞৰ লগতে ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ চিকিৎসকসকলে শিক্ষাৰ্থীসকলৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা সেৱা আগবঢ়ায়। উক্ত স্বাস্থ্য শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে ধৰ্মশালা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডা: মুস্কুৰা আহমেদ আৰু স্কুল খনৰ অধ্যক্ষ ডি বি পাণ্ডেই।
লগতে কাৰ্যসূচীত ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম ধুবুৰী জিলা সমন্বয়ক ছিৰাজুল ইছলাম, ধৰ্মশালা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড আঁচনি প্ৰৱন্ধক আজিজুৰ ৰহমান, ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ খণ্ড সমন্বয়ক ছামিমা ইয়াচমিন, সহ স্বাস্থ্য কৰ্মী, আশা আৰু পৰামৰ্শদাতাৰ লগতে শিক্ষা বিভাগৰ আন আন কৰ্মচাৰী সকলো উপস্থিত থাকি কাৰ্যসূচীত সহায় সহযোগিতা আগবঢ়ায়।
আজিৰ কাৰ্যসূচীত প্ৰায় চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। আনহাতে যোৱা ৩১ আগষ্টত আগমণি উচ্চতৰ মাধ্যমিক বিদ্যালয়তো ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ তৰফৰ পৰা এখন বিশেষ স্বাস্থ্য শিবিৰ পতা হৈছিল য'ত প্ৰায় তিনি শতাধিক শিক্ষাৰ্থীৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল।