/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/598b90a3-b924-4544-8c26-a2a8959c52db/sasipat.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : অসমৰ জাতীয় জীৱনক সকলো স্তৰতেই শক্তিশালী আৰু বৰ্ণিল ৰূপত প্ৰতিষ্ঠা কৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে নিজ হাতে লিপিবদ্ধ কৰা সাঁচিপাতৰ পুথিসহ আন আন আপুৰুগীয়া সম্পদসমূহ উৱলি যাবলৈ ধৰিছে। ইয়াৰ মাজৰে মহাপুৰুষ দুজনাৰ ৯খন সাঁচিপাতৰ পুথি কোচবিহাৰৰ উত্তৰ-বংগ ৰাষ্ট্ৰীয় পুথিভঁৰালত বৰ্তমানে উৱলি যাবলৈ ধৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a90d9679-80b8-40ad-8b14-c9a4b31efcef/171db16c_ee76_415d_abcc_0e3d335c099b.jpg)
এনে অৱস্থাত অবিজ্ঞানসন্মতভাৱে সংৰক্ষিত হৈ থকা উক্ত ৯খন সাঁচিপাতৰ পুথিৰ অৱস্থাই অসমৰ সমাজ জীৱনক সম্বৃদ্ধিশালী কৰা এই আপুৰুগীয়া সম্পদসমূহ ইতিহাসৰ পাতত বিলীন হৈ যোৱাৰ উপক্ৰম হৈছে। গুৰুজনাই জীৱনৰ শেষ সময়ছোৱা অতিক্ৰম কৰা সময়ত কোচবিহাৰত প্ৰায় ৬০০ বছৰ আগতে এই সাঁচিপাতৰ পুথিসমূহ ৰচনা কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/0f3ec020-dc64-4fe3-8b7a-a25be0197960/064f66ea_2d57_49c6_8a43_1c4051cc13f3.jpg)
এই সন্দৰ্ভত ২৪ মে'ত মধুপুৰ সত্ৰ সমিতিৰ এটা প্ৰতিনিধি দলে কোচবিহাৰ ৰাষ্ট্ৰীয় পুথিভঁৰালত অতি অনাদৃত আৰু অৱহেলিত ৰূপত সংৰক্ষণ হৈ থকা সাঁচিপাতৰ পুথিসমূহৰ ওপৰত এক ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ কাৰ্য্যসূচী গ্ৰহণ কৰে। সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়ন আৰু সদস্য পুলিন কুমাৰ পাঠকৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে কোচবিহাৰৰ ৰাষ্ট্ৰীয় পুথিভঁৰালৰ গ্ৰন্থাগাৰীক শিশিৰ কুমাৰে চৰকাৰৰ লগত পুথিসমূহ বৰ্তমানে কেনে অৱস্থাত আছে সেই সম্পৰ্কত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/805431aa-7d89-4364-bb45-54049b7c2617/22dddbda_ade6_4011_950c_d6e91aa61c73.jpg)
আলোচনাৰ সময়ত গ্ৰন্থাগাৰীকজনে প্ৰতিনিধি দলটোক জনোৱা মতে, সাঁচিপাতৰ পুথিসমূহ মেৰিয়াই থোৱা কাপোৰ আৰু পুথিসমূহ কীট-পতংগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ প্ৰয়োগ কৰা ৰাসায়নিক পদাৰ্থসমূহৰ স্থায়িত্ব লোপ পোৱাত পুথিসমূহ উৱলি যাবলৈ আৰম্ভ কৰিছে। পুথিসমূহৰ আখৰৰ জোঁটনি এতিয়াও স্বচ্ছ ৰূপত অতি সুন্দৰভাৱে পৰিস্ফুত হৈ আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/3799bb70-e8b4-4845-b29c-03e02001b868/94cbd80c_59d8_4fd9_bb5c_55db49e73c3e.jpg)
কিন্তু তৎকালীনভাৱে এইবোৰ অত্যাধুনিক কাৰিকৰী সমল প্ৰয়োগ কৰি বিজ্ঞানসন্মতভাৱে সংৰক্ষণ নকৰিলে,এই অমূল্য সম্পদসমূহ চিৰদিনৰ বাবে নিঃশেষ হৈ যাব। পুথিভঁৰাল কৰ্তৃপক্ষই ২০২২ চনৰ আৰম্ভণিতেই এই কাৰ্য্য সম্পাদন কৰাৰ কাৰণে ৩০ হেজাৰ টকাৰ এক অনুদান বিচাৰি পশ্চিম-বংগ চৰকাৰক আৱেদন জনাইছিল যদিও আজিলৈকে এই সন্দৰ্ভত কোনো অনুমোদন পোৱা নগ'ল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b7ca8d0a-5af5-48aa-9656-97142fa277f8/11cef8da_a4eb_48e9_b255_c80ab075ce3e.jpg)
গ্ৰন্থাগাৰীকজনে লগতে উল্লেখ কৰে যে, অসমৰ বিভিন্ন লোকৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ লোকে এই সম্পৰ্কত মাজে সময়ে খা-খবৰ লয় যদিও কোনো সংগঠন বা লোকে বৰ্তমান লৈ কোনো বাস্তৱ ব্যৱস্থা গ্ৰহণ কৰা নাই। শেহতীয়াভাৱে মধুপুৰ সত্ৰ সমিতিয়ে এই সন্দৰ্ভত লোৱা উদ্যোগক পুথিভঁৰাল কতৃপক্ষই আদৰণি জনাই আৰু সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/9a7349a1-1d5f-4668-82a7-9ae4b076f2a9/4f33a922_074d_48bb_b8a9_b0f3b88b7713.jpg)
প্ৰণিধানযোগ্য যে, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় আৰু গুৱাহাটীৰ নন্দ তালুকদাৰ ফাউণ্ডেছনে মধুপুৰ সত্ৰ সমিতিৰ সহযোগত এই পুথিসমূহ ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, পুথিভঁৰালটোত বৰ্তমানে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ৰচনা কৰা গৰুড় পুৰাণ, গোপি-উদ্ধৱ সংবাদ, ভাগৱতৰ পঞ্চম আৰু একাদশ স্কন্ধ, হৰিচন্দ্ৰ উপাখ্যান, মহাপুৰুষ মাধৱদেৱৰ ভক্তি ৰত্নাৱলী, ৰামায়ণৰ আদি খণ্ড, শ্ৰীকৃষ্ণৰ জন্ম ৰহস্য আৰু অনন্ত কন্দলীৰ ভাগৱতৰ দশম স্কন্ধ সংৰক্ষিত হৈ আছে।