১৭অক্টোবৰৰ পৰা আৰম্ভ হ'ব ৰূপসী বিমান বন্দৰৰ বিমান চলাচল সেৱা

সপ্তাহত তিনিদিন চলিব এই বিমান সেৱা...

author-image
Asomiya Pratidin
New Update
১৭অক্টোবৰৰ পৰা আৰম্ভ হ'ব ৰূপসী বিমান বন্দৰৰ বিমান চলাচল সেৱা

ডিজিটেল সংবাদ,ধুবুৰী: ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই অহা ১৭ অক্টোবৰৰ পৰা পুনৰ ধুবুৰী জিলাৰ পাৰ্শ্বৱৰ্তী তথা কোকৰাঝাৰ জিলাৰ ৰূপসী বিমান বন্দৰৰ পৰা আৰম্ভ হ'ব যাত্ৰীবাহী বিমানৰ চলাচল। উৰান আঁচনিৰ অধীনত এলাইঞ্চ এয়াৰ নামৰ বিমান সন্থাই ৰূপসী বিমান বন্দৰৰ পৰা এই বিমান সেৱাৰ চলাচলত নিয়োজিত হৈ থাকিব বুলি জানিব পৰা গৈছে।

Advertisment

বৰ্তমানে সপ্তাহত মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰ এই তিনিদিন গুৱাহাটীৰ পৰা ৰূপসী হৈ কলকাতা আৰু কলকাতাৰ পৰা ৰূপসী হৈ গুৱাহাটী এই পথেদি বিমান সেৱা চলিব। অৱশ্যে চলিত অক্টোৱৰ মাহৰ পিচত এই বিমান সেৱা পাঁচদিন লৈকে চলিব বুলি জানিব পৰা গৈছে। উল্লেখ যোগ্য যে, ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৈতে হোৱা এক চুক্তিমৰ্মে ২০২১ বৰ্ষৰ ৭ মাৰ্চৰ পৰা যাত্ৰীবাহী বিমান সেৱা চৰকাৰৰ লগত তিনিবছৰীয়াকৈ চুক্তি বদ্ধ হৈ আৰম্ভ কৰিছিল "ফ্লাই বিগ" নামৰ বিমান পৰিবহন সন্থা এটাই।

প্ৰথমাৱস্থাত পৰিবহন সন্থাটোৱে ৭২টা আসনৰ বিমানেৰে সপ্তাহত তিনি দিন চলাইছিল ৰূপসী হৈ গুৱাহাটীৰ পৰা ক'লকাতা আৰু ক'লকাতাৰ পৰা ৰূপসী হৈ গুৱাহাটীলৈ যাত্ৰী পৰিসেৱা। কিন্তু পিছত যাত্ৰী চাহিদা বৃদ্ধি পোৱাত উক্ত বিমান সপ্তাহত ৬দিনলৈ বৃদ্ধি কৰা হৈছিল।কিন্তু বিগত ২০২৩ চনৰ ৭ নৱেম্বৰৰ পৰা কোনো ধৰনৰ আগজাননী নিদিয়া কৈ "ফ্লাই বিগ" কোম্পানীটোৱে ৰূপসীৰ পৰা বিমান চলাচল একেবাৰে বন্ধ কৰি দিছিল।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ "উৰান-২" আৰু উৰান-৪ নামৰ আঁচনিৰ অধীনত প্ৰায় এশ কোটি টকাৰে নতুনকৈ নিৰ্মাণ কৰা হৈছিল ৰূপসী বিমান বন্দৰটো। শেহতীয়াকৈ ভাৰত চৰকাৰে ৰূপসী বাসী ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই পুনৰ অহা ১৭ অক্টোবৰৰ পৰা ৰূপসীৰ পৰা এলাইঞ্চ এয়াৰ নামৰ বিমান সন্থাৰ জৰিয়তে বিমান সেৱা চলাচল কৰিবলৈ লোৱাৰ খবৰে ৰাইজক আনন্দিত কৰি তোলা দেখা গৈছে।

Also Read: বৰকাপলাত এদিনতে দুটা কৈ চুৰি-ডকাইতিৰ ঘটনা...

Rupsi airport