৩.৪০ কোটি ব্যয়েৰে ধুবুৰীৰ অতি ব্যস্ত ৩ নং ৱাৰ্ডৰ মূল পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ...

মুখ্যমন্ত্ৰীৰ নগৰীয় পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত ৩ কোটি ৪০ লাখ টকা ব্যয় সাপেক্ষে

author-image
Asomiya Pratidin
New Update
৩.৪০ কোটি ব্যয়েৰে ধুবুৰীৰ অতি ব্যস্ত ৩ নং ৱাৰ্ডৰ মূল পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ...

৩.৪০ কোটি ব্যয়েৰে ধুবুৰীৰ অতি ব্যস্ত ৩ নং ৱাৰ্ডৰ মূল পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ...

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী চহৰৰ অতি ব্যস্ত ৩ নং ৱাৰ্ডৰ চৰ মেইন ৰোডৰ পথচোৱা দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ থকাৰ পিছত আজি উক্ত পথ নিৰ্মাণৰ শুভাৰম্ভ কৰে ধুবুৰী পৌৰসভাৰ পৌৰপতি ড০ দেৱময় সান্নাল আৰু ধুবুৰী-গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দীপক কুমাৰ সাহাই।

Advertisment

এই উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত উপস্থিত থাকে ধুবুৰী চহৰৰ ৩ নং ৱাৰ্ডৰ আয়ুক্ত জয়দেৱ কৃষ্ণ পাল, ৪ নং আৰু ৫ নং ৱাৰ্ডৰ আয়ুক্তসকলকে ধৰি স্থানীয় ৰাইজ উপস্থিত থাকে। ধুবুৰী পৌৰসভাৰ পৌৰপতি ড০ দেৱময় সান্নালে কয় যে, ধুবুৰীৰ চৰ মেইন ৰোডৰ পথছোৱাৰ নিৰ্মাণ হ'লে চহৰ খনত যানজঁটৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব।

উল্লেখ যোগ্য যে মুখ্যমন্ত্ৰীৰ নগৰীয় পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত ৩ কোটি ৪০ লাখ টকা ব্যয় সাপেক্ষে এই গুৰুত্বপূৰ্ণ পথ ছোৱাৰ নিৰ্মাণৰ কামৰ আজি শুভাৰম্ভ কৰা হৈছে। ধুুবুৰী লোক নিৰ্মাণ (পথ) বিভাগে উক্ত পথছোৱাৰ তদাৰকী কৰিব বুলি জানিব পৰা গৈছে।

Also Read: অবৈধ বেদখল উচ্ছেদৰ বাবে মুখ্যমন্ত্ৰীলৈ অভিনন্দন জনাই জনজাতি সংঘৰ সমদল

ধুবুৰী পৌৰসভা পথ নিৰ্মাণ