/asomiyapratidin/media/media_files/2025/02/22/Lx3NjfF95dIGmPhKFZdB.jpg)
ডিজিটেল ডেস্কঃ আজি এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তাল হৈ পৰে বিলাসীপাৰা আৰক্ষী থানাৰ চৌহদ।উল্লেখ্য যে, বিলাসীপাৰাৰ হাতীপোতা ২য় খণ্ডত অবৈধ বালি কঢ়িওৱা এখন ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত হয় এটি শিশু।
নিহত শিশুটি বামুনপাৰা ৫ম খণ্ডৰ তালেব আলীৰ ৫ বছৰীয়া কন্যা মজিৰন নেছা। আনহাতে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখনৰ নম্বৰAS 17 C – 4794। ট্ৰেক্টৰখনে দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতে ঘটনাস্থলীৰ পৰা চালকগৰাকীয়ে পলায়ন কৰে।
উল্লেখ্য যে, পূৰ্বৰে পৰা এই অঞ্চলটোত অবৈধ বালি কঢ়িওৱা একাংশ ট্ৰেক্টৰৰ দৌৰাত্ম্য অব্যাহত আছিল। তাৰ মাজতে আজি সংঘটিত হোৱা ঘটনাই অঞ্চলটোৰ ৰাইজক উত্তেজিত কৰি তোলে।
তাৰ পাছতেই ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে ঘেৰাও কৰে বিলাসীপাৰা আৰক্ষী থানাও। ছাত্ৰ সংগঠনটোৱে দাবী কৰিছে নিহত শিশুটিৰ পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ।
তাৰোপৰি এই অঞ্চলটোত শীঘ্ৰেই অবৈধ বালি খনন আৰু এই অবৈধ বালি ভৰ্তি ট্ৰেক্টৰৰ দৌৰাত্ম্য বন্ধ কৰাৰো দাবী উত্থাপন কৰিছে। প্ৰতিবাদকাৰীসকলে স্থানীয় আৰক্ষীৰ লগতে বন বিভাগৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰে আৰু বিভাগটোৰ বিৰুদ্ধে শ্লোগান দি থানা চৌহদ উত্তাল কৰি তোলে।
ইফালে বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সূৰ্যাখাতাতো আজি আন এক পথ দুৰ্ঘটনা সংঘটিত হয়। ইয়াত এখন মিনি ট্ৰাক আৰু বাইকৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। ফলত এগৰাকী কলেজীয়া ছাত্ৰৰ থিতাতে মৃত্যু হয়। নিহত ছাত্ৰজন সূৰ্যখাতাৰ তন্ময় নাথ বুলি চিনাক্ত কৰা হৈছে। এই ঘটনায়ো অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।