/asomiyapratidin/media/media_files/2025/06/03/Zclifxy5D4Tpv3l97yti.jpg)
ডিজিটেল সংবাদ পৰ্বতঝোৰাঃ আজি ধুবুৰী জিলাৰ গৌৰীপুৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হোৱা দুৰ্ঘটনাত অতি গুৰুতৰভাৱে আহত হয় এজন চালক।
ঘটনাৰ বিৱৰণ অনুসৰি গৌৰীপুৰৰ পানবাৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন মালবাদী ট্ৰাকে মুখামুখিকৈ খুন্দা মাৰে। ফলত এখন ট্ৰাকৰ চালকগৰাকী আৱদ্ধ হৈ পৰে।
পৰৱৰ্তী সময়ত এক্সকেভেটৰৰ সহায়ত ট্ৰাকদুখন আঁতৰাই তাৰ মাজৰ পৰা আৱদ্ধ চালকজনক উদ্ধাৰ কৰে আৰু তাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক দুখনৰ নম্বৰ ক্ৰমে WB-57-C-4217 আৰু AS-17-B-2689।