/asomiyapratidin/media/media_files/2024/12/02/YLE9pKZC2SQ9dKJIjZEw.jpg)
ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰীৰ বিএন কলেজ আৰক্ষী চকীৰ অন্তৰ্গত আদাবাৰী এলেকাত দেওবাৰে নিশা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত মটৰ চাইকেলৰ চালক আৰু আৰোহীসহ দুজনকৈ যুৱক গুৰুতৰ ভাৱে আহত হোৱাৰ বাতৰি পোৱা গৈছে। স্থানীয় সূত্ৰ এটিয়ে আজি সদৰী কৰা মতে, ধুবুৰীৰ ঝগৰাৰপাৰ দ্বিতীয় খণ্ডৰ বিদ্যাপাৰা ভাটি গাঁৱৰ আৰিফ হুছেইন(২০) আৰু আৰমান হক বুলি চিনাক্ত কৰা হৈছে।
ইয়াৰে আৰিফ হুছেইন নামৰ যুৱকজনে তেওঁৰ এ এছ ১৭ কিউ ৭৯২৪ নম্বৰৰ পালছাৰ বাইকত আৰোহী হিচাপে আৰমান হকক লগত লৈ আদাবাৰী অঞ্চলৰে গৈ থাকোতে এইছ আৰ ৩৯ এফ ২৩৩৫ নম্বৰৰ ডাম্পাৰ এখনৰ লগত সংঘৰ্ষ হোৱাৰ ফলত মটৰ চাইকেল চালক আৰু আৰোহী জন ছিটিকি পৰি যোৱাৰ লগতে বাইকখন চচূৰ্মৈ হৈ পৰে।
ইয়াৰে বাইক চালক আৰিফ হুছেইনৰ মূৰ ফালি ৰক্তক্ষৰণ হয়। পিছত স্থানীয় ৰাইজে তৎক্ষণাত আৰক্ষীক খবৰ কৰাত ৰাইজে আৰক্ষীৰ সহযোগত দুৰ্ঘটনাত আহত যুৱক দুজনক সংকট জনক অৱস্থাত ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও আৰিফ হুছেইনৰ অৱস্থা সংকট জনক হোৱাত তেওঁক গুৱাহাটী মেডিকেল মহাবিদ্যালয় চিকিৎসালয় লৈ প্ৰেৰণ কৰে।
বৰ্তমানে আৰিফ হুছেইনে জীৱন মৃত্যুৰে যুঁজি থকা বুলি জানিব পৰা গৈছে। আনপিনে আৰমান হক নামৰ যুৱক জন ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।