/asomiyapratidin/media/media_files/2025/02/17/y9QHr2J3pHBpFLAzDcJz.jpg)
ডিজিটেল সংবাদ ধুবুৰীঃ অসম প্ৰদেশ বিজেপিয়ে আজি ঘোষণা কৰিলে ধুবুৰি জিলা বিজেপিৰ সভাপতিৰ নাম। উল্লেখ্য যে, বিজেপিয়ে শেহতীয়াকৈ ৰাজ্যৰ প্ৰায় কেইখন জিলাৰে সভাপতিসকলক নতুনকৈ নিযুক্তি দিছিল।
কিন্তু আন কেইখনমান জিলাৰ সৈতে ধুবুৰী জিলাৰো সভাপতিক নিযুক্তি দিয়া হোৱা নাছিল। ইয়ালে কৈ জিলাখনৰ ৰাজনৈতিক মহলত ব্যাপক জল্পনা-কল্পনা চলি আছিল। তাৰ মাজতে আজি অসম প্ৰদেশ বিজিপিৰ ফালৰ পৰা ধুবুৰী জিলা বিজেপিৰ সভাপতিৰ নাম ঘোষণা কৰিছে।
জিলাখনৰ বিজেপিৰ দায়িত্ব দিয়া হৈছে ৰঞ্জিত কুমাৰ ৰায়ক। জিলাখনৰ সভাপতি হিচাপে ৰঞ্জিত কুমাৰ ৰায়ৰ নাম ঘোষণা কৰাৰ লগে লগেই ধুবুৰী জিলা বিজেপিৰ কৰ্মকৰ্তা সকল উৎফুল্লিত হৈ পৰিছে। তেওঁক আজি জিলাখনৰ বিজেপি নেতা, কৰ্মীসকলে শুভেচ্ছা জ্ঞাপন কৰিছে।
উল্লেখযোগ্য যে ধুবুৰী জিলা বিজেপিৰ অন্যতম সক্ৰিয় নেতা ৰঞ্জিত কুমাৰ ৰায়ে ইয়াৰ পূৰ্বে ধুবুৰী জিলা বিজেপিৰ উপ-সভাপতিৰ দৰে গুৰুত্বপূৰ্ন পদত কাৰ্যনিৰ্বাহ কৰি আছিল।