/asomiyapratidin/media/media_files/2024/12/11/X0Ms5CKQtabR0OK5oFgo.jpg)
ডিজিটেল সংবাদ ধুবুৰীঃ পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন তথা ৰাজবংশী ভাষা অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত আজি দ্য গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ’চিয়েশ্যন (জিচিপিএ)ৰ উদ্যোগত আলিপুৰদুৱাৰ সংমণ্ডলৰ অন্তৰ্গত অসম-বংগ সীমান্তৰ কোচবিহাৰ জিলাৰ জোৰাই ৰে’ল ষ্টেচনত ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। ৰে'ল অৱৰোধৰ ফলত কেইবাখনো ৰে’ল চলাচলত ব্যাপক প্ৰভাৱ পৰে।
প্ৰায় ৫০০ প্ৰতিবাদকাৰীয়ে, পুৱা ৬ বজাৰ পৰা ৮ বজলৈ জোৰাই ৰে'ল ষ্টেচনত ৰে'ল পথ অৱৰোধ কৰে। অৱৰোধকাৰীসকলে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে ৰে'ল কৰ্তৃপক্ষই ষ্টেচনত আৰ পি এফ, জি আৰ পি আৰু স্থানীয় আৰক্ষীৰ ৫০০ তকৈও অধিক বাহিনী মোতায়েন কৰিছিল।
উল্লেখযোগ্য যে আজিৰ এই ৰে’ল অৱৰোধৰ ফলত ৰে'ল কৰ্তৃপক্ষই কেইবাখনো ৰে’ল বাতিল কৰিবলৈ বাধ্য হয় আৰু কেইবাখনো ৰে’ল ফকিৰাগ্ৰাম-গোলাকগঞ্জ-নিউ কোচবিহাৰৰ বিকল্প পথৰ মাজেৰে চলাচল কৰে। ৰে'ল পথ সলনি কৰা বাবে যাত্ৰীসকলক সুবিধা প্ৰদান কৰাৰ বাবে এন. এফ. ৰে’ল কৰ্তৃপক্ষৰ দ্বাৰা উপযুক্ত সংখ্যক বাছ আৰু টাটা চুমো বাহনৰ ব্যৱস্থা কৰা হয়।
লগতে প্ৰতিবাদকাৰীসকলৰ কাৰ্যসূচীৰ ফলত যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে কৰ্তৃপক্ষই অনুশোচনা ব্যক্ত কৰে। জানিব পৰা মতে ৰে'ল অৱৰোধৰ বাবে আজিৰ দিনত পথ সলনি কৰা ৰে'লসমূহ হৈছে- ১৫৬৫৭ আপ ব্ৰহ্মপুত্ৰ মেইল, ১৫৯৫৯ আপ কামৰূপ এক্সপ্ৰেছ, ডি.এন. ট্ৰেইন ২০৫০৩, ডিএন ৰাজধানী এক্সপ্ৰেছ, ২২৪৪৯, ডিএন গুৱাহাটী–নতুন দিল্লী এক্সপ্ৰেছ, ২২৪১১ ডিএন নাহৰলগুন–আনন্দ বিহাৰ অৰুণাচল এক্সপ্ৰেছ, ২২৫০৩ ডিএন বিবেক এক্সপ্ৰেছ, ১৩২৪৭ ডিএন কামাখ্যা ৰাজেন্দ্ৰ নগৰ কেপিটেল এক্সপ্ৰেছ, ১২৪২৩ ডিএন ৰাজধানী এক্সপ্ৰেছ, ১২৫১৬ ডিএন শিলচৰ–কোয়েম্বাটুৰ জেএন এক্সপ্ৰেছ, ১৫৯২৬ ডিএন ডিব্ৰুগড়–দেওঘৰ এক্সপ্ৰেছ, ০০৬৮৮ ডিএন উদয়পুৰ–নিউ জলপাইগুৰি বিশেষ।
আনহাতে ৰে'ল বাতিল কৰা ৰে'লসমূহ হৈছে ২২২২৭/২২২২৮(নিউ জলপাইগুৰি–গুৱাহাটী–নিউ জলপাইগুৰি) বন্দে ভাৰত এক্সপ্ৰেছ, ১৫৭০৪/১৫৭০৩ (বঙাইগাঁও–নিউ জলপাইগুৰি–বঙাইগাঁও) এক্সপ্ৰেছ। প্ৰতিবাদ অন্ত পৰাৰ পাছত অৱশ্যে এই দুয়োখন ৰে'লৰ চলাচল পুনৰ আৰম্ভ হৈছে।
প্ৰকাশ যে মুখ্য জনসম্পৰ্ক বিষয়া কাপিঞ্জল কিশোৰ শৰ্মাই এই বিষয়ে সদৰী কৰিছে। ইপিনে জোৰাই ৰে'ল ষ্টেছনত হেজাৰ হেজাৰ প্ৰতিবাদকাৰীয়ে ন' কামতাপুৰ ন' ৰেষ্ট, বিজেপি চৰকাৰ হায় হায় আদি শ্লগান দি প্ৰতিবাদ সাব্যস্ত কৰে।