মধুপুৰ সত্ৰৰ বিৰুদ্ধে অপপ্ৰচাৰ, সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰৰ উদ্বেগ প্ৰকাশ...

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থভূমি অসমীয়া জনসাধাৰণৰ স্বাভিমান কোচবিহাৰৰ মধুপুৰ সত্ৰৰ ঐতিহ্যপূৰ্ণ পৰম্পৰাক বিঘ্নিত কৰাৰ বাবে একাংশই চলাইছে কেতবোৰ অপপ্ৰচাৰ

author-image
Asomiya Pratidin
New Update
মধুপুৰ সত্ৰ উন্নয়নকলৈ কৰা অভিযোগ সন্দৰ্ভত সত্ৰ সমিতিৰ প্ৰতিক্ৰিয়া

মধুপুৰ সত্ৰ

ডিজিটেল সংবাদ, ধুবুৰীঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থভূমি অসমীয়া জনসাধাৰণৰ স্বাভিমান কোচবিহাৰৰ মধুপুৰ সত্ৰৰ ঐতিহ্যপূৰ্ণ পৰম্পৰাক বিঘ্নিত কৰাৰ বাবে একাংশই চলাইছে কেতবোৰ অপপ্ৰচাৰ ।

Advertisment

এই সন্দৰ্ভত সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে এক বিবৃতি প্ৰদান কৰিছে যে, যোৱা ৮ মাৰ্চত পৰলোক প্ৰাপ্তি ঘটা মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই গুৰুতৰভাৱে অসুস্থ হৈ থকা সময়ছোৱাত তেওঁক পৰিচৰ্যা কৰা মাধৱ মহন্ত নামৰ ভক্ত এগৰাকীয়ে শেহতীয়াভাৱে একাংশ প্ৰচাৰ মাধ্যম আৰু উত্তৰ-বংগ, অসমৰ বিভিন্ন নামঘৰ, সত্ৰ আদি অনুষ্ঠানত মধুপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ হিচাপে পৰিচয় দাঙি ধৰা কাৰ্য্য সংঘটিত কৰিছে ।

এই বিষয়ত এক স্পষ্টিকৰণ যোগে সত্ৰৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ পীতাম্বৰ ভকতে কয় যে, ২০১২ চনৰ পৰা মই পীতাম্বৰ ভকতে মধুপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ হিচাপে আৰু যোৱা ৮ মাৰ্চত পৰলোকগামী হোৱা বুঢ়া সত্ৰাধিকাৰৰ অবর্তমানত সত্ৰ সমিতিৰ সিদ্ধান্ত মৰ্মে ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ হিচাপে সত্ৰখন পৰিচালনা কৰি আছোঁ ।

বিবৃতি
বিবৃতি

এই বিষয়ত যোৱা ২৫ এপ্ৰিলত সত্ৰ চৌহদত অনুষ্ঠিত হোৱা সত্ৰ সমিতিৰ সাধাৰণ সভাই ভক্তপ্ৰাণ ৰাইজক অৱগত কৰিছে । ইয়াৰ পিছতো মাধৱ মহন্ত নামৰ লোকজনে নিজকে মধুপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ হিচাপে প্ৰচাৰ চলোৱা কাৰ্য্যত সত্ৰখনৰ পৰম্পৰাক আঘাট সানিছে বুলি মন প্ৰকাশ কৰিছে ।

মহন্তৰ এই কাৰ্য্যক তীব্ৰ উদ্বেগ প্ৰকাশ কৰি গৰিহণা দিয়াৰ লগতে ভক্তপ্ৰাণ ৰাইজক এনে লোকৰ কাৰ্য্য ব্যৱস্থাৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰগৰাকীয়ে ।

উল্লেখযোগ্য যে, সত্ৰখনৰ ডেকা সত্ৰাধিকাৰগৰাকীক শাৰীৰিকভাৱে অপদ্স্থ কৰা মানিক সেঠিয়া নামৰ লোক এজন এনে কাৰ্য্যৰ লগত জড়িত হৈ থকা গুৰুতৰ অভিযোগ উত্থাপন হৈছে । প্ৰয়াত সত্ৰাধিকাৰ গৰাকীৰ অসুস্থতাৰ হেতু সত্ৰখনৰ ভঁৰালগৃহৰ চাবিকাঠি মহন্ত নামৰ এই ভক্তগৰাকীক প্ৰয়াত সত্ৰাধিকাৰ গৰাকীয়ে অৰ্পণ কৰিছিল ।

লগতে পীতাম্বৰ ভকতে ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰি ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত মানস শইকীয়াৰ উপস্থিতিত সত্ৰ সমিতিৰ বিষয়ববীয়াই ভঁৰাল গৃহ মুকলি কৰাত ভঁৰাল গৃহ সম্পূৰ্ণভাৱে উদং অৱস্থাত পোৱা গৈছিল ।

ভঁৰালত সত্ৰখনৰ কেইবাবিধো মূল্যৱান সম্পদৰ লগতে ভূমি সম্পৰ্কীয় কোনো ধৰণৰ নথিপত্ৰ পোৱা নগ'ল । সত্ৰ সমিতিয়ে বিবৃতিটোত সত্ৰখনৰ এনে পৰিস্থিতি সম্পৰ্কত এক সমাধানৰ পথ সন্ধান কৰিবলৈ আহ্বান জনোৱাৰ লগতে মধুপুৰ সত্ৰৰ ঐতিহ্যপূৰ্ণ পৰম্পৰাক কোনো শক্তিয়ে যাতে বিঘ্নিত কৰিব নোৱাৰে তাৰ প্ৰতি সজাগ হৈ থাকিবলৈ ভক্তপ্ৰাণ ৰাইজক আহ্বান জনাইছে ।

Also Read: অসম ৰাজ্যিক সাংবাদিক সন্হাৰ নৱ-নিৰ্বাচিত সমিতিৰ দ্বায়িত্বভাৰ গ্ৰহণ

Propaganda against Madhupur Satra madhupur satra