ধুবুৰীত আৰক্ষীৰ অভিযান: বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ

ধুবুৰীত আৰক্ষীৰ অভিযান: বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ

author-image
Asomiya Pratidin
New Update
ধুবুৰীত আৰক্ষীৰ অভিযান: বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ

ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি বৈশ্যৰ নিৰ্দেশত বালাজান আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে শুকুৰবাৰে নিশা বালাজানৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলাইছিল অভিযান। অভিযানত পশ্চিমবংগৰ পৰা গৌৰীপুৰ অভিমূখী এএছ ১৭ চি ৭৩০৪ নম্বৰৰ বলেৰ' পিক-আপ ভেনত আৰক্ষীৰ দলটো তালাচী অভিযান চলায়।

Advertisment

পিছত আৰক্ষীয়ে তালাচী চলাই বাহনখনৰ পৰা ৬০০বটল নিচাজাতীয় কফ ছিৰাফ জব্দ কৰাৰ লগতে দুজন যুৱকক আটক কৰে। আটকাধীন যুৱক দুজন বঙাইগাঁও জিলাৰ খিলাপাৰা গাঁওৰ মমিৰ উদ্দিনৰ দুই পুত্ৰ মনিৰুল হক আৰু জয়নুদ্দিন শ্বেখ বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Also Read: পেৰিছ অলিম্পিক: ঐতিহাসিক সফলতা অৰ্জনৰ প্ৰয়াস কৰিব মনু ভাকৰে

dhubri police