হস্তী বিশেষজ্ঞ পদ্মশ্ৰী পাৰ্ব্বতী বৰুৱাক গৌৰীপুৰ গৌৰৱ বঁটা প্ৰদান

হস্তী বিশেষজ্ঞ পদ্মশ্ৰী পাৰ্ব্বতী বৰুৱাক গৌৰীপুৰ গৌৰৱ বঁটা প্ৰদান

author-image
Asomiya Pratidin
New Update
হস্তী বিশেষজ্ঞ পদ্মশ্ৰী পাৰ্ব্বতী বৰুৱাক গৌৰীপুৰ গৌৰৱ বঁটা প্ৰদান

ডিজিটেল সংবাদ, ধুবুৰীঃ গৌৰীপুৰত সেমবাৰে গৌৰীপুৰ শাৰদ পত্ৰিকা গোষ্ঠীৰ উদ্যোগত ২৩তম শাৰদ পত্ৰিকাৰ উন্মোচন কৰা হয়। সেই উপলক্ষে গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা এখন সভাত শাৰদ পত্ৰিকা টি উন্মোচন কৰে প্ৰখ্যাত হস্তী বিশেষজ্ঞ পাৰ্ব্বতী বৰুৱা।

তেওঁৰ লগতে গৌৰীপুৰ ৰাজপৰিয়ালৰ সদস্য প্ৰবীৰ কুমাৰ বৰুৱা,বিশিষ্ট সমাজ কৰ্মী বিমল ওচৱাল আৰু গৌৰীপুৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কল্যাণ দাসে। মজিদূৰ ৰহমান সৰকাৰে আঁতধৰা সভাখনত পদ্মশ্ৰী পাৰ্বতী বৰুৱাক ফুলাম গামোচা, শৰাই, মানপত্ৰ আদিৰে সন্মানিত কৰাৰ লগতে এইবেলি গৌৰীপুৰ শাৰদ পত্ৰিকা গোষ্ঠীৰ ফালৰ পৰা তেঁওক গৌৰীপুৰ গৌৰৱ বঁটা প্ৰদান কৰা হয়।

নিজ জন্ম স্থানত বঁটা লাভ কৰি আনন্দিত হোৱা বুলি জানিবলৈ দিয়ে পাৰ্বতী বৰুৱাই। উক্ত অনুষ্ঠানত প্ৰীতম চৌধুৰী, দিগন্ত বিশ্বাস,শিবাশিষ চেটাৰ্জী আদি প্ৰায় শতাধিক গন্য মান্য ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে গৌৰীপুৰ ৰাজপৰিয়ালত জন্ম গ্ৰহণ কৰা পাৰ্বতী বৰুৱাই গৌৰীপুৰ ছোৱালী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিচত গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। বৰ্তমান পাৰ্বতী বৰুৱা গুৱাহাটীতে স্থায়ী ভাৱে বসবাস কৰি আছে।

parboti baruah