/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/46420d58-8d7e-4725-b2c0-ebac08961b2c/111.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীত গুলীবিদ্ধ হ'ল এজন ব্যক্তি। শনিবাৰে ধুবুৰীৰ মাজেৰ চৰত সংঘটিত হৈছে এই ঘটনা। ভৰিত গুলি লাগি আহত হোৱা ব্যক্তিগৰাকীয়ে ধুবুৰীৰ সদৰ থানাৰ কাষ চাপে।
ইয়াৰ পাছতে ধুবুৰী আৰক্ষীয়ে ততাতৈয়াকৈ লোকজনক ধুবুৰীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায়। গুলীবিদ্ধ লোকজনৰ নাম হৈছে মাজেৰচৰৰ ছামছুল হক।
অৱশ্যে লোকজন চৰাই মাৰা বন্দুকৰে গুলিতহে গুলীবিদ্ধ হোৱা বুলি জানিব পৰা গৈছে। ইফালে বন্দুকধাৰী লোকজনৰ নাম মোহৰ আলী বুলি জানিব পৰা গৈছে। মোহৰ আলী বৰ্তমান পলাতক হৈ আছে। অৱশ্যে মোহৰ আলীয়ে কিহৰ কাৰণে চৰাই মাৰা বন্দুকেৰে ছামছুল হকক গুলি কৰিলে ইয়াৰ কাৰণ জানিব পৰা হোৱা নাই।
Also Read: দৰঙৰ বানেইকুছিত কেঞ্চাৰ সজাগতা সভা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us