গৌৰীপুৰত আৰক্ষীৰ অভিযান নিষিদ্ধ দ্ৰব্য সৰবৰাহকাৰী আটক....

অধিক তথ্যৰ বাবে অব্যাহত আছে সোধপোছ

author-image
Asomiya Pratidin
New Update
গৌৰীপুৰত আৰক্ষীৰ অভিযান নিষিদ্ধ দ্ৰব্য সৰবৰাহকাৰী আটক....

গৌৰীপুৰত আৰক্ষীৰ অভিযান নিষিদ্ধ দ্ৰব্য সৰবৰাহকাৰী আটক....

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চৌৰাংগীমোৰ অঞ্চলত আজি গৌৰীপুৰ আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই এটা ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হৈছে। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ৯ টা কণ্টেইনাৰৰ লগতে বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে।

Advertisment

আটকাধীন যুৱকজনক মফিজুল হক বুলি চিনাক্ত কৰা হৈছে আৰু তেঁওৰ ঘৰ গৌৰীপুৰৰ মলাতী খামাৰ গাঁৱত বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি যুৱকজনে নিচাজাতীয় সামগ্ৰী তথা ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আছিল।

আৰক্ষীয়ে অধিক তথ্যৰ বাবে যুৱক জনক আটক কৰি গৌৰীপুৰ আৰক্ষী থানাত সোধপোছ অব্যাহত ৰাখিছে।

Also Read: নগাঁও চহৰত ট্ৰেক্টৰৰ খুন্দাত নিহত এজন: এতিয়াও হোৱা নাই চিনাক্ত...

গৌৰীপুৰ অসম আৰক্ষী ড্ৰাগছ বিৰোধী অভিযান