ছাগলীয়াত আৰক্ষীৰ অভিযান: নিচাযুক্ত সামগ্ৰীৰ ১৮ টা কণ্টেইনাৰ জব্দ,আটক ১

ছাগলীয়াত আৰক্ষীৰ অভিযান: নিচাযুক্ত সামগ্ৰীৰ ১৮ টা কণ্টেইনাৰ জব্দ,আটক ১

author-image
Asomiya Pratidin
New Update
ছাগলীয়াত আৰক্ষীৰ অভিযান: নিচাযুক্ত সামগ্ৰীৰ ১৮ টা কণ্টেইনাৰ জব্দ,আটক ১

ডিজিটেল সংবাদ,ধুবুৰী: ধুবুৰী জিলাৰ ছাগলীয়াত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই জিলা আৰক্ষীয়ে। গোলকগঞ্জ আৰক্ষী থানাৰ চক্ৰ পৰিদৰ্শক ৰাতুল হালৈয়ে এক গোপন তথ্যৰ ভিত্তিত উপ-পৰিদৰ্শক হিৰকজ্যোতি দাস আৰু এটা আৰক্ষীৰ দলৰ সৈতে বুধবাৰে নিশা ছাগলীয়া প্ৰথম খণ্ড গাঁৱত অভিযান চলায়।

আৰক্ষীৰ অভিযানত ১৮ টাকৈ সন্দেহজনক ব্ৰাউন ছুগাৰ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ সূত্ৰই বৃহস্পতিবাৰে সদৰী কৰা মতে,অভিযানকাৰী দলটোৱে যোৱা নিশা ছাগলীয়া প্ৰথম খণ্ড গাঁৱৰ মোহাম্মদ হাছেন আলী সেখৰ পুত্ৰ আজ্জাল হুছেইনৰ ঘৰত তালাচী অভিযান চলাইছিল।

অভিযানত সন্দেহ জনক ১৮ টা ব্ৰাউন ছুগাৰৰ কণ্টেইনাৰ জব্দ কৰাৰ লগতে আজ্জাল হুছেইনক আৰক্ষীয়ে আটক কৰি গোলকগঞ্জ থানালৈ লৈ আনে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Also Read: জামুগুৰিহাটৰ বালিজুৰিত শ্বহীদ ভৱনৰ আধাৰশিলা স্থাপন...

Narcotic products dhubri