/asomiyapratidin/media/media_files/2025/05/01/h6xhgMYkJOoqn8oc1q6c.jpg)
ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত সক্ৰিয় হৈ পৰিছে সাপৰ আন্ত:ৰাষ্ট্ৰীয় চোৰাং বেহা। আজি ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ ঘিউমাৰীৰ নিকটৱৰ্তী শেয়ালদাহ এলেকাৰ পৰা সাপৰ চোৰাং বেহাত জড়িত দুজন কৈ চোৰাং সৰবৰাহকাৰীক ভাৰত-বাংলাদেশ সীমান্তত সষ্টম হৈ থকা বি এছ এফে আটক কৰা ঘটনাই ধুবুৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ধৃত সাপৰ চোৰাং সৰবৰাহকাৰী দুজনৰ পৰা বি এছ এফে ২০২ ডাল দুষ্প্ৰাপ্য সাপ জীৱন্তে উদ্ধাৰ কৰাৰ বাতৰি পোৱা গৈছে। প্ৰাপ্ত খবৰ অনুযায়ী পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনাৰ আৰিফ মল আৰু তালিব মল নামৰ দুজন চোৰাং সৰবৰাহকাৰীয়ে দুটা ডাঙৰ মোনাত সাপ ভৰ্তি কৰি লৈ আজি পুৱা ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত ঘুৰি ফুৰা অৱস্থাত প্ৰত্যক্ষ কৰে সীমান্ত সুৰক্ষা বাহিনীৰ দলে।
যুৱক দুজনৰ চালচলনত সীমান্ত সুৰক্ষা বাহিনীৰ সন্দেহ হোৱাত যুৱক দুজনক আটক কৰাত জোলোঙাৰ মেকুৰী ওলাই পৰে। ইফালে যুৱক দুজনৰ বেগত দুশৰো অধিক সাপ উদ্ধাৰ কৰি বি এছ এফে যুৱক দুজনক ঘিউমাৰি সীমান্ত চকীলৈ আনি সীমান্ত সুৰক্ষা বাহিনীৰ উচ্চ পৰ্যায়ৰ বিষয়াই সোধাপোচা কৰে।
পিছত চোৰাং সাপ সৰবৰাহ কৰা যুৱক দুজনৰ লগতে উদ্ধাৰ কৰা দুই শতাধিক সাপ ধুবুৰী বন বিভাগক গতাই দিব বুলি জানিব পৰা গৈছে। জানিব পৰা মতে উদ্ধাৰ হোৱা সাপ কেইডালৰ বৈজ্ঞানিক নাম ইৰিক্সজনি। বিশেষকৈ এই সাপবিধ দক্ষিণ ভাৰতত পোৱা যায়।
এতিয়া প্ৰশ্ন হয় দক্ষিণ ভাৰতৰ জলবায়ুৰ লগত অসমৰ জলবায়ুৰ মিল নথকাত সাপ কেইডাল লৈ এতিয়া ধুবুৰী বন বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া তদন্তৰ পিচতে জানিব পৰা যাব। ইফালে সম্পৰ্কত দুই ভায়েক-ককায়েক আৰিফ মল আৰু তালিব মলে দুশৰো অধিক সাপ লৈ ভাৰত -বাংলাদেশ সীমান্তলৈ কি উদ্যেশ্যৰে আহিছিল বা বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা কৰিছিল নেকি সেই গোটেই বিষয় বোৰো বি এছ এফে অনুসন্ধান কৰি আছে বুলি জানিব পৰা গৈছে।