ধুবুৰীত চলন্ত বাছলৈ গুলীচালনাঃ এজন যাত্ৰী গুলীবিদ্ধ...

আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত..

author-image
Asomiya Pratidin
New Update
ধুবুৰীত চলন্ত বাছলৈ গুলীচালনাঃ এজন যাত্ৰী গুলীবিদ্ধ...

ধুবুৰীত চলন্ত বাছলৈ গুলীচালনাঃ এজন যাত্ৰী গুলীবিদ্ধ...

ডিজিটেল ডেস্কঃ ধুবুৰী জিলাৰ বিলাসীপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। বিলাসীপাৰাৰ পাণবাৰীত 'ৰাহুল' নামৰ এখন চলন্ত বাছত গুলীয়ালে দুৰ্বৃত্তই।

Advertisment

এই গুলীচালনাৰ ঘটনাত গুলীবিদ্ধ হৈছে বাছখনৰ এজন যাত্ৰী। উল্লেখ্য যে ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৰ তুলসীবাৰীৰ পৰা ধুবুৰীলৈ যাত্ৰা কৰিছিল বাছখনে।

যাত্ৰা আৰম্ভ কৰাৰ পিছতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পাণবাৰীৰ কাষত দুটা গুলীয়ে আহি বাছনৰ গ্লাছ ভাঙি এজন যাত্ৰীৰ দেহত আঘাত কৰে। কিন্তু এই পৰ্যন্ত এই গুলীচালনাৰ ঘটনা কোনে সংঘটিত কৰিলে সেই বিষয়ে জানিব পৰা হোৱা নাই।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰম্ভ কৰিছে তদন্ত। গুলীয়ে ক্ষতি কৰা বাছখনৰ নম্বৰ এ এছ ১৯ চি ৮৫৯৭।

Also Read: নগাঁও বিশ্ববিদ্যালয়ত পৰম্পৰাগত জ্ঞান বিষয়ক আন্তঃৰাষ্ট্ৰীয় সন্মিলন...

গুলীচালনা