/asomiyapratidin/media/media_files/2024/12/02/ZNqVMu2HeAISfgA0V8Uv.jpg)
ডিজিটেল সংবাদ ধুবুৰীঃ শিৱসাগৰ জিলাৰ গেলেকীৰ এটা ইটা ভাটাত শ্ৰমৰ মজুৰি বিচাৰিবলৈ যাওঁতেই মহিলা শ্ৰমিক এগৰাকী হত্যাৰ বলি হোৱাৰ অভিযোগ উঠাৰ ঘটনাই ৰাজ্য জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কেৱল এয়াই নহয় মহিলা শ্ৰমিকগৰাকীৰ স্বামী শ্বাহজামাল হককো লাঠিৰে কোবাই বেয়াকৈ আহত কৰা বুলি অভিযোগ উঠিছে।
ঘটনাৰ বিৱৰণ মতে, ধুবুৰী জিলাৰ ফকিৰগঞ্জ এলেকাৰ মাজেৰ আলগা অঞ্চলৰ ৩০-৪০ জনীয়া শ্ৰমিকৰ এটা দলে উক্ত ইটা ভাটাৰ মালিক তথা দুই ঠিকাদাৰ (চৰ্দাৰ) আশেক আলী আৰু আহছান আলীয়ে অধিক মজুৰি দিব বুলি দিয়া প্ৰতিশ্ৰুতিৰ ভিত্তিত কাম কৰিবলৈ গৈছিল। প্ৰতিশ্ৰুতি অনুসৰি অধিক মজুৰি দিয়া দূৰৰে কথা শ্ৰমৰ বিনিময়ত যি প্ৰাপ্য মজুৰি সেই মজুৰিয়েই নিদিয়ে।
তাৰোপৰি এইসকল শ্ৰমিকে জীয়াই থাকিবৰ বাবে পাবলগীয়া মানৱীয় সুবিধাখিনিৰ পৰাও বঞ্চিত হৈ আহিছে। শ্ৰমিকসকলে কোৱা মতে তেওঁলোকে নলাৰ লেতেৰা পানী খোৱাৰ লগতে দৈনন্দিন কাম কাজৰ বাবে লেতেৰা পানী ব্যৱহাৰ কৰিব লগা হয়।
ইপিনে শ্ৰম আইন ভংগ কৰি দৈনিক ১২-১৩ ঘণ্টাকৈ ভয়-ভাবুকিৰে কাম কৰিবলৈ তেঁওলোকক বাধ্য কৰোৱা হয়। এনে একাধিক অভিযোগ লৈ শ্ৰমিক আৰু ঠিকাদাৰ -মালিক পক্ষৰ মাজত তীব্ৰ মতানৈক্যৰ সৃষ্টি হয়।
ঠিকাদাৰ-মালিক পক্ষই শ্ৰমিকসকলক গাৰ বলেৰে দমন কৰিবলৈ চেষ্টা কৰে। তাৰ মাজতেই যোৱা ১৭ নৱেম্বৰত পুৱা প্ৰায় ৮.৩০ টা বজাত প্ৰাপ্য ধন বিচাৰি যোৱা শ্ৰমিক শ্বাহজামাল হকক দুই ঠিকাদাৰ আহছান আলী আৰু আশেক আলীৰ পৰিয়ালৰ লোকে মাৰপিট কৰে।
সেই সময়তে স্বামীৰ প্ৰাণ বচাবলৈ অহা মহিলা শ্ৰমিক ৰাশিদা খাতুনক লাঠিৰে কোবাই হত্যা কৰাৰ অভিযোগ ঠিকাদাৰ বাহিনীৰ দলটোৰ বিৰুদ্ধে। ঘটনা সন্দৰ্ভত নিহত ৰাশিদাৰ স্বামী শ্বাহজামাল হকে যোৱা ১৯ নৱেম্বৰত স্থানীয় গেলেকী আৰক্ষী থানাত লিখিত এজাহাৰ দাখিল কৰাৰ পাছতো মাত্ৰ এজন আচামীক গ্ৰেপ্তাৰ কৰিয়ে দায়িত্ব সামৰিলে আৰক্ষীয়ে।
ৰহস্যজনক ভাৱে উক্ত হত্যা কাণ্ডৰে জড়িত থকাৰ অভিযোগ উঠা আন আন লোকসকলৰ সন্দৰ্ভত নীৰৱতা অৱলম্বন কৰাৰ অভিযোগ উঠিছে। ইপিনে উক্ত হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ দাবীৰে অপৰাধীসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ লগতে ইটা ভাটাটোত নিৰ্যাতনৰ বলি হোৱা আন শ্ৰমিকসকলক উদ্ধাৰৰ দাবীত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ভুক্তভোগীৰ পৰিয়ালৰ লোকে।
ইপিনে শ্ৰমিক আইন ভংগ কৰি নিৰ্যাতন চলোৱা ইটা ভাটাৰ মালিকৰ বিৰুদ্ধে বিহিত ব্যাৱস্থা ল'বলৈ ৰাজ্যিক শ্ৰম আয়ুক্তৰ ওচৰতো আবেদন জনাইছে ভুক্তভোগীৰ পৰিয়ালৰ লোকে। ঘটনা সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।