/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/b1434203-44cf-449f-b8ed-4cc63fc3ccde/16.jpg)
ডিজিটেল সংবাদ,হাটশিঙীমাৰীঃ মঙলবাৰে হাটশিঙীমাৰীত বিজেপিয়ে এখন বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে। ২ নং ধুবুৰী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্রার্থী জাবেদ ইছলামৰ সমৰ্থনৰ উদ্দেশ্যে সভাত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। সভাত বদৰুদ্দিন আজমলক চালানী মাছ বুলি আখ্যা দি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে, ১৫ বছৰে আপোনালোকে এই চালানী মাছৰ সোৱাদ ল'লে। চালানী মাছে বিগত ১৫ বছৰে একো কাম নকৰিলে।
মন্ত্ৰীগৰাকীয়ে জাবেদ ইছলামক লোকেল মাছৰ লগত তুলনা কৰি লোকেল মাছৰ সোৱাদ লওঁক লগতে জেহেৰুল ইছলাম চাহাবৰ পুত্ৰ জাবেদ ইছলামক বিপুল ভোটত জয় যুক্ত কৰক বুলি মন্তব্য কৰে। ইয়াৰোপৰি এআইইউডিএফক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এআইইউডিএফৰ কৰ্মীসকল পগলা হ'বলৈ আৰম্ভ কৰিছে, আমাৰ মানুহক মাৰপিট কৰা আৰম্ভ কৰিছে। তেওঁলোকে হতাশাত ভুগি এই কাম কৰা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ইয়াৰ উচিত শিক্ষা সময়ত দিয়া হ'ব বুলিও কয় জয়ন্ত মল্লই। তেওঁ কয় যে,জাবেদ ইছলামক জিকাৰ বাবে আপোনালোকে ডেৰ লাখ ভোটৰ গেৰাণ্টি দিয়ক, আমি হাটশিঙীমাৰীক এটা ডাঙৰ পুৰস্কাৰ দিম।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/27167d2c-f06f-4a10-ba75-e2c0d7d7e0ce/a543f7b9_feab_41a5_af64_922ffd7cc3cc.jpg)
সভাত তেওঁ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনকো চালানী মাছ বুলি আখ্যা দি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। হাটশিঙীমাৰীৰ বান, মথাউৰিৰ সমস্যা সমাধানৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে ভাষণ দাঙি ধৰে। বিপুল সংখ্যক সংখ্যালঘু জনতাৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে কয় যে যাৰ চৰকাৰ থাকে, তেওঁলোকৰহে কাম কৰাৰ ক্ষমতা থাকে। দিল্লীত আছে নৰেন্দ্ৰ মোডীৰ চৰকাৰ, আকৌ তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হ'ব। দিল্লীত নৰেন্দ্ৰ মোডীৰ চৰকাৰ আৰু দিছপুৰত ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, গতিকে আমাৰহে কাম কৰাৰ ক্ষমতা আছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/b5b127bc-8399-4156-8e6a-7a2336807840/cbf08a75_5eaf_41fe_bee0_75486f6ff51c.jpg)
ভাষণ প্ৰসংগত তেওঁ আৰু কয় যে, আপোনালোকে কেৱল জাবেদ ইছলামক জিকাই দিয়ক, আমি আপোনালোকক ডাবল ইঞ্জিন চৰকাৰ দিম। এতিয়াতো ইয়াত একো নাই, কেৱল ৰেলগাড়ীখন এনেয়ে খাৰা হৈ আছে। ইয়াত দিল্লীৰ ইঞ্জিনো নাই, দিছপুৰৰ ইঞ্জিনো নাই। সেয়ে ইয়াত মথাউৰি ভাগিছে, কাম হোৱা নাই, ৰাস্তাৰ কাম হোৱা নাই। গতিকে মন্ত্ৰীগৰাকীয়ে জাবেদ ইছলামক হাটশিঙিমাৰীবাসীয়ে জিকাই দিল্লীলৈ পঠিয়ালে, ইয়াত দিল্লীৰ ইঞ্জিনৰ লগতে দিছপুৰৰ ইঞ্জিনো দি দিব বুলি কয়। ডাবল ইঞ্জিনে ইয়াত উন্নয়ন ক্ষীপ্ৰ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। এই অঞ্চলৰ উন্নয়নৰ বাবে মন্ত্ৰীগৰাকীয়ে ধুবুৰী-ফুলবাৰী সংযোগী দলং নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে। ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক চকা সমালোচনা কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। সাংসদ হৈ তেওঁ সমষ্টিটোৰ বাবে একো নকৰিলে বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/f5791942-3d79-4245-a752-788b7444cbd5/fe56de11_1066_4bdc_b5ba_1bf7e6989ccf.jpg)
"আজি বিজেপি চৰকাৰে ধুবুৰীত মেডিকেল কলেজ বনালে। বদৰুদ্দিনে হোজাইত যিদৰে আজমল ফউণ্ডেচনৰ উদ্যোগত হাস্পতাল বনাইছে ধুবুৰীত কিয় তেনেকুৱা হাস্পতাল বনাব পৰা নাই বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে। আজমলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে ধৰ্মৰ নামত ৰাজনীতি কৰিব নালাগে। তেওঁ ধৰ্ম কৰক, সেয়া ঠিক আছে, কিন্তু ধৰ্মৰ নামত ৰাজনীতি কৰিব নালাগে।হাটশিঙিমাৰীত অসমৰ আটাইতকৈ বেছি দুখীয়া মানুহ আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে আজি ১০ বছৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চৰকাৰ চলালে। অসমত আমি ২০ লাখ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ বনালো। ইয়াৰ ভিতৰত ১১ লাখতকৈ বেছি মুছলমান মানুহৰ ঘৰ আমি বনাইছো। "
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/6eb1b55e-390c-4a45-8023-4925466b7e58/4ff2413d_8df4_4562_bbac_be1dbb4aca0d.jpg)
উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে কালাপানীত আন এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোডীৰ বিকশিত ভাৰতৰ এই উন্নয়নমুখী যাত্ৰাৰ ফলত সকলো শ্ৰেণীৰ লোকৰ মাজতে বিজেপি চৰকাৰৰ নীতি-আদৰ্শৰ অভূতপূৰ্ব প্ৰসাৰ হৈছে, আজিৰ জনসভাত সংখ্যালঘু লোকসকলৰ বৃহৎ সংখ্যাত অংশগ্ৰহণেই ইয়াৰ প্ৰমাণ দাঙি ধৰে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। সভাত মন্ত্ৰী কেশৱ মহন্ত,দলৰ প্ৰাৰ্থী জাবেদ ইছলাম প্ৰমুখ্যে দুয়োটা দলৰে কাৰ্যকৰ্তাসকল উপস্থিত থাকে৷