মধুপুৰ সত্ৰত জন্মাষ্টমী পালন

মধুপুৰ সত্ৰত জন্মাষ্টমী পালন

author-image
Asomiya Pratidin
New Update
মধুপুৰ সত্ৰত জন্মাষ্টমী পালন

ডিজিটেল সংবাদ,ধুবুৰী : শ্ৰীমন্ত শঙ্কৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থভূমি কোচবিহাৰৰ মধুপুৰ সত্ৰত বুধবাৰে বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়। সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে কয় যে ,মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ভকতে ভাগৱৎ পাঠ কৰা কাৰ্যসূচীৰ জৰিয়তে জন্মাষ্টমীৰ কাৰ্যসূচীৰ পাতনি মেলিছে।

Advertisment

এই উপলক্ষ্যে উত্তৰ-বংগৰ বিভিন্ন নামঘৰৰ আয়তীসকলে নাম পৰিৱেশন কৰে। ইয়াৰ লগতে সত্ৰ সমিতিৰ দ্বাৰা আয়োজিত সত্ৰীয়া নৃত্যৰ কৰ্মশালাত অংশগ্ৰহণ কৰা কেইবাগৰাকীও বংগ ভাষী যুৱক-যুৱতীয়ে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি শ্ৰীকৃষ্ণৰ জীৱন বৃত্তান্ত বৰ্ণনা কৰে।

জন্মাষ্টমীৰ বিভিন্ন কাৰ্যসূচীৰ বৃহত্তৰ কোচবিহাৰ অঞ্চলত গুৰুজনাৰ আদৰ্শত বিশ্বাসী শতাধিক লোকে অংশগ্ৰহণ কৰি গুৰু বন্দনাৰে সত্ৰ চৌহদ মুখৰিত কৰি তোলে।

Also Read: পুখুৰীত পৰি দুই ভগ্নীৰ বিয়োগ

madhupur satra janmastami