ধুবুৰীত আন্তঃৰাষ্ট্ৰীয় বিকলাংগ দিৱস পালনঃ বিনামূলীয়া ঔষধ  বিতৰণ

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ধুবুৰীৰ উদ্যোগত ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমে আন্তঃৰাষ্ট্ৰীয় বিকলাংগ দিৱসৰ লগত সংগতি ৰাখি আজি ধুবুৰী জৱাহৰ হিন্দী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত এটি স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰে।

author-image
Asomiya Pratidin
New Update
ধুবুৰীত আন্তঃৰাষ্ট্ৰীয়  বিকলাংগ দিৱস পালনঃ বিনামূলীয়া ঔষধ  বিতৰণ

ডিজিটেল সংবাদ ধুবুৰীঃ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ধুবুৰীৰ উদ্যোগত ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমে আন্তঃৰাষ্ট্ৰীয় বিকলাংগ দিৱসৰ লগত সংগতি ৰাখি আজি ধুবুৰী জৱাহৰ হিন্দী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত এটি স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰে। আজিৰ এই কাৰ্যসূচীৰ আৰম্ভণি কৰে স্কুলখনৰ প্ৰধান শিক্ষক দীপক কুমাৰ প্ৰসাদ আৰু ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ জিলা সমন্বয়ক ছিৰাজুল ইছলামে।

Advertisment

এই কাৰ্যসূচীত জন্মৰ পৰা ১৮ বছৰ বয়সৰ সকলো ল'ৰা, ছোৱালীৰ সম্পূৰ্ণ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ বিতৰণৰ লগতে বিভিন্ন কাৰণত হোৱা বিকলাংগ শিশুসকলক বিশেষ ভাবে চিনাক্ত কৰি ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ যোগেদি সম্পূৰ্ণ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব।

উক্ত স্বাস্থ্য পৰীক্ষা কাৰ্যসূচীত বিদ্যালয়খনত থকা ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও জিলাখনৰ অন্য বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীকো শাৰীৰিক স্বাস্থ্য পৰীক্ষা কৰাই বিনামূলীয়া ঔষধ বিতৰণ কৰে। উক্ত কার্যসূচীত উপস্থিত থাকে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ শিশুৰোগ বিশেষজ্ঞ ডাঃ মিঠু বৰ্মন, নাক, কান আৰু ডিঙিৰ বিশেষজ্ঞ ডাঃ বিশ্বজ্যোতি দাস, চকু বিশেষজ্ঞ ডাঃ প্ৰণামি বৈশ্য আৰু ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ চিকিৎসক ক্ৰমে ডাঃ নজমুল হক মণ্ডল, ডাঃ ছনম মণ্ডল, এ এন এম, ফাৰ্মাচিষ্ট সকল উপস্থিত থাকে।

লগতে ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ  খণ্ড সমন্বয়ক ক্ৰমে ছৰিফুল ইছলাম খন্দকাৰ আৰু ছামিমা ইয়ামিনৰ লগতে স্কুলখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকি সহায় সহযোগিতাৰে কাৰ্যসূচী সাফল্য মণ্ডিত কৰে। আজিৰ স্বাস্থ্য পৰীক্ষা শিবিৰত ৩৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয় আৰু বাকী থকা শিশু সকলৰ পৰ্যায় ক্ৰমে বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে।

স্বাস্থ্য