/asomiyapratidin/media/media_files/2025/02/18/xM6ZX0bAIjyVFbCOviuH.jpg)
ডিজিটেল সংবাদ ধুবুৰীঃ আজি গোলকগঞ্জ আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এ এছ ০১ ইচি ০৫১৪ নম্বৰৰ বলেৰ' পিকাপ ভেন এখনক লক্ষ্য কৰি অভিযান চলায়। আৰক্ষীয়ে অনুসৰন কৰি থকা বুলি জানিব পাৰি বলেৰ' পিকআপ ভেনখনে তীব্ৰ বেগত গৌৰীপুৰ অভিমুখে গতি কৰে।
কিন্তু আৰক্ষীয়ে পিছে পিছে খেদি যোৱাত গোলকগঞ্জৰ উত্তৰ ৰায়পুৰ প্ৰথম খণ্ডৰ ৰে'ল গে'টৰ সমীপত গাড়ীখন ৰখাই চালকে পলায়ন কৰে। গোলকগঞ্জ আৰক্ষীয়ে গাড়ীখনৰ পৰা কিছান আলী (৫৫) নামৰ এজন সৰবৰাহকাৰীক আটক কৰাৰ লগতে ৫ টাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়।
ধৃত কিছান আলীৰ ঘৰ পশ্চিম বংগৰ বক্সিৰহাটৰ ভানুকুমাৰীত। ঘটনা সন্দৰ্ভত গোলকগঞ্জ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।