ধুবুৰীৰ পেট্ৰ'ল পাম্পত ভয়ংকৰ ঘটনা : কৰ্মচাৰীক প্ৰহাৰ কৰি দুৰ্বৃত্তই নিলে নগদ ধন

ধুবুৰীৰ পেট্ৰ'ল পাম্পত ভয়ংকৰ ঘটনা : কৰ্মচাৰীক প্ৰহাৰ কৰি দুৰ্বৃত্তই নিলে নগদ ধন

author-image
Asomiya Pratidin
New Update
ধুবুৰীৰ পেট্ৰ'ল পাম্পত ভয়ংকৰ ঘটনা : কৰ্মচাৰীক প্ৰহাৰ কৰি দুৰ্বৃত্তই নিলে নগদ ধন

ডিজিটেল সংবাদ,ধুবুৰী : ধুবুৰীৰ এটা পেট্ৰ'ল পাম্পত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।নিশা পেট্ৰল পাম্পৰ কৰ্মচাৰীক আক্ৰমণ কৰি ডকাইতে লুটি নিয়ে নগদ ধন। জানিব পৰা মতে ধুবুৰীৰ ডি কে ৰোডত থকা এইচ পি পেট্ৰল পাম্পটোৰ পিণ্টু কুমাৰ পাটেল নামৰ কৰ্মচাৰীজনক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে তিনিজনীয়া দুৰ্বৃত্তৰ দলে।

Advertisment

পিচত দুৰ্বৃত্তৰ দলটোৱে পেট্ৰল পাম্পটোৰ পৰা ৪০ হেজাৰকৈ টকা লুট কৰি লৈ যায়। নিশাৰ এই গোটেই ঘটনা বন্দী হৈছে চিচিটিভি কেমেৰাত। ঘটনা সন্দৰ্ভত কৰ্মচাৰী পিণ্টু কুমাৰ পাটেল ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি নিশা বাইকত আহিছিল তিনি দুৰ্বৃত্ত। ইতিমধ্যে ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনি দুৰ্বৃত্তক। আটকাধীন দুৰ্বিত্ত তিনিটা হৈছে- ধুবুৰীৰ সঞ্জীৱ দাস, ছাদ্দাম হুছেইন আৰু জাকাৰিয়া সেখ বুলি জানিব পৰা গৈছে।

ইয়াৰে ছাদ্দাম হুছেইনৰ ঘৰ চলাকুৰাত, জাকাৰিয়া সেখৰ ঘৰ ভাষানী চৰত আৰু সঞ্জীৱ দাসৰ ঘৰ ধুবুৰীৰ যোগমায়া ঘাটত বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Also Read: দিগেন মহন্ত...

Assam police