/asomiyapratidin/media/media_files/2024/12/13/mAuDARkzg2HWUTunkmJx.png)
ডিজিটেল সংবাদ ধুবুৰীঃ অসম চৰকাৰৰ পৰ্যটন বিভাগৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগ থকাৰ পিছতো বিভাগটোৰ অৱহেলা আৰু অমনোযোগিতাৰ বাবেই আজি বহু প্ৰাচীন সমল-কীৰ্তিচিহ্নসমূহ মৃত্যুৰ দিশে ধাৱমান হোৱাৰ বিষয়টোৱে সচেতন মহলক ক্ষোভিত কৰি তোলা দেখা গৈছে। উল্লেখ যোগ্য যে,পশ্চিম অসমৰ ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বহু পৌৰাণিক কীৰ্তিচিহ্ন, ঐতিহাসিক সমল য'তে ত'তে সিঁচৰিত হৈ থকাৰ পিছতো সেই পৌৰাণিক কীৰ্তিচিহ্ন, সমল সমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত অসম চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰো গুৰুতৰ অভিযোগ উত্থিপিত হৈছে।
ধুবুৰী জিলাৰ ধুবুৰী সদৰ চহৰকে ধৰী শালকোচা, বহলপুৰ, চাপৰ, বিলাসীপাৰা, মহামায়া, পানবাৰী, গৌৰীপুৰ, গোলকগঞ্জ, সত্ৰশাল আদি অঞ্চলত অসংৰক্ষিত অৱস্থাত আছে তাহানিৰ ৰজাদিনীয়া, ব্ৰিটিছ যুগৰ বহুতো কীৰ্তিচিহ্ন তথা সমল সমূহো। মন কৰিবলগীয়া যে অবিভক্ত গোৱালপাৰা জিলাৰ ফকিৰগঞ্জ অঞ্চলৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নৈত এতিয়াও ইতিহাসৰ সাক্ষী বহন কৰি আহিছে বুঢ়া-বুঢ়ী থান।
ঐতিহ্যপূৰ্ণ বুঢ়া-বুঢ়ী থানৰ কথা উল্লেখ কৰিলেই স্পষ্ট হৈ পৰে যে ব্ৰহ্মপুত্ৰৰ বুকুত ভাসমান এখন শিলৰ পাহাৰ তাৰ গাঁতে লাগি থকা এটা সৰু টিলা; য'ত ত'ত পৰি আছে অনাদৃত ভাবে ক্ষুদ্ৰ-ক্ষুদ্ৰ পাহাৰাকায় প্ৰকাণ্ড-প্ৰকাণ্ড শিল আৰু শ শ বছৰতকৈ অধিক বয়সৰ কেইডালমান প্ৰকাণ্ড গছ লগতে নৈ-পৰীয়া জীৱন-চিত্ৰ ।
তথ্যানুসৰি এই থানৰ নামাকৰণ সম্পৰ্কে জনশ্ৰুতিমতে, দুটা প্ৰকাণ্ড শিলক কেন্দ্ৰ কৰি নামকৰণ কৰা হৈছে। শিল দুটাৰ এটা পাৰ্বতী আনটো মহাদেৱ শিৱ। অৰ্থাৎ থিয়কৈ থকা শিলটোক মহাদেৱ শিৱ (বুঢ়া);আৰু পথালিকৈ বা শুই থকাৰ দৰে দৃশ্যমান শিলটোক পাৰ্বতী (বুঢ়ী) বুলি কোৱা হয়। এয়াই হৈছে বুঢ়া-বুঢ়ী (মহাদেৱ শিৱ-পাৰ্বতী) নামৰ তাৎপৰ্য ।
বৰ্তমানে "বুঢ়া-বুঢ়ী থান" ধুবুৰী জিলাৰ অন্তৰ্গত। ধুবুৰী জিলাৰ পূব প্ৰান্ত মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে ই অৱস্থিত। ইয়াৰ পূৱে গোৱালপাৰা জিলাৰ সীমাঞ্চল জলেশ্বৰ বজাৰ,পশ্চিম আৰু উত্তৰে ব্ৰহ্মপুত্ৰ আৰু দক্ষিণে মেদৰটাৰী বজাৰ।
সমষ্টিগতভাৱে গোৱালপাৰা জিলাৰ ৩৯ নম্বৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত। ধৰ্মীয় স্থান হিচাপে বুঢ়া-বুঢ়ী থান ধুবুৰী-গোৱালপাৰা জিলাৰ অন্তৰ্গত অন্যান্য ধৰ্মীয় স্থানৰ দৰে নামজ্বলা নহ'লেও একেবাৰে স্বীকৃতি নথকা নহয়। প্ৰতি বছৰৰ চ'ত মাহৰ শেষৰ দিনটোক এটা বিশেষ দিন হিচাপে গণ্য কৰি হিন্দু ধৰ্মাৱলম্বী সকলে ধৰ্মীয় পৰম্পৰাৰে বুঢ়া-বুঢ়ীৰ পূজা উলহ-মালহৰে পালন কৰা দেখা যায়।
পূজানুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় মেলা। য'ত বিভিন্ন ধৰ্মৰ মানুহৰ ভিৰ কৰা পৰিলক্ষিত হোৱা দেখা যায়। ঐতিহ্যপূৰ্ণ এখন স্থান হিচাপে চিহ্নিত হোৱাৰ পিচতো আজিও বুঢ়া-বুঢ়ী থানৰ সংৰক্ষণৰ বাবে অসম চৰকাৰে বিশেষ দৃষ্টি দিয়া পৰিলক্ষিত হোৱা নাই। বৰ্তমানে এই বুঢ়া-বুঢ়ী থান ভয়াৱহ ভাৱে গৰাখহনীয়াৰ কবলত পৰা দেখা গৈছে।
অবিভক্ত গোৱালপাৰা জিলাৰ ঐতিহাসিক ধৰ্মীয় স্থানসমূহৰ তালিকাত 'পাগলা টেক'ৰ পিছতেই বুঢ়া-বুঢ়ী থানৰ স্থান যদিও বুঢ়া-বুঢ়ী থান যুগে-যুগে অনাদৃত হৈ আছে। এফালে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ভয়াৱহ ৰূপ ধাৰণ আনপিনে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ অমনোযোগিতাই ইতিহাসৰ সাক্ষী বহন কৰি অহা এটা ঐতিহাসিক স্থানে মৃত্যুৰ দিশে গতি কৰি আছে বুলি স্থানীয় ৰাইজে নিজৰ ক্ষোভ উজাৰিছে।
অসম চৰকাৰে আগ্ৰহ প্ৰকাশ কৰিলে ইতিহাস প্ৰসিদ্ধ বুঢ়া-বুঢ়ী থানৰ উন্নয়ন আৰু সংৰক্ষণৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলে হয় বুলি ৰাইজে মন্তব্য কৰা দেখা গৈছে।