/asomiyapratidin/media/media_files/2025/12/10/1-2025-12-10-14-14-29.jpg)
ডিজিটেল সংবাদ,হাটশিঙিমাৰীঃ আজি শ্বহীদ দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগতো জিলাৰ সদৰস্থিত হাটশিঙিমাৰী প্ৰেক্ষাগৃহত শ্বহীদ দিৱস অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানৰ প্ৰথমতেই স্বহীদ বেদীত বন্তি প্ৰজ্বলন, পূষ্পাঞ্জলী জ্ঞাপন কৰা লগতে শ্ৰদ্ধাৰে সোঁৱৰা হয়।
উক্ত অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, জিলাখনৰ কেইবাটাও বিভাগৰ মুৰব্বী বিষয়াৰ লগতে জ্যেষ্ঠ নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত শ্বহীদ দিৱস অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সভাত জিলা আয়ুক্ত আৰু বিধায়ক আমিনুল ইছলামে নিজৰ বহুমুলীয়া ভাষণ প্ৰদান কৰে।
আনহাতে গুৱাহাটীৰ পৰা সম্পচাৰ হোৱা ৰাজ্যৰ মুখ্যমন্ত্রীৰ স্বহীদ ক্ষেত্রৰ অনুষ্ঠানত ভিডিও কনফাৰেন্সৰ জৰিয়তে সকলো ৰাইজে অংশগ্রহণ কৰা পৰিলক্ষিত হয়।।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us