/asomiyapratidin/media/media_files/2025/03/07/G1TwXap0YNNToeqdCX2g.jpg)
ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী জিলাৰ গোলকগঞ্জৰ নিৰ্মম হত্যাকাণ্ডৰ মূল অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। ধৃত যুৱক জনক গোলকগঞ্জৰ উত্তৰ ৰায়পুৰ প্ৰথম খণ্ড গাঁৱৰ মনিনুৰ ৰহমান(২৬)।
বৃহস্পতিবাৰে নিশা গোলকগঞ্জ আৰক্ষীয়ে গোলকগনঞ্জ আৰক্ষী থানাৰ ৰতিয়াদহ এলেকাত অভিযান চলাই আৰক্ষীয়ে মনিনুৰ ৰহমানক আটক কৰে। উল্লেখ্য যে, যোৱা ২০ ফেব্ৰুৱাৰীৰ নিশা গোলকগঞ্জৰ লাউখোৱা কুটীৰ জগদীশ চন্দ্ৰ বৰ্মন নামৰ এজন ব্যক্তিক গৰু চোৰ সন্দেহত উত্তৰ ৰায়পুৰ প্ৰথম খণ্ড গাঁৱৰ একাংশ উদণ্ডই অমানুষিক নিৰ্যাতন চলাইছিল।
পিছত জগদীশ চন্দ্ৰ বৰ্মনক মুমূৰ্ষ অৱস্থাত গোলকগঞ্জ আৰক্ষী উদ্ধাৰ কৰি চিকিৎসালয় লৈ প্ৰেৰণ কৰিছিল। কিন্তু ২৪ ফেব্ৰুৱাৰীৰ নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জগদীশ চন্দ্ৰ বৰ্মনে অতি কৰুণ ভাবে মৃত্যুক আকোঁৱালি লৈছিল।
পিছত ব্যক্তিগৰাকীৰ মৃত্যুৰ খবৰ গোলকগঞ্জত বিয়পি পৰাত অঞ্চলটোত এক উত্তেজনাৰ সৃষ্টি হৈছিল। স্থানীয় ৰাইজে নিৰীহ জগদীশ চন্দ্ৰ বৰ্মনক আক্ৰমণ চলোৱা কাৰ্যত জড়িত ব্যক্তিসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী জনাইছিল।
ইয়াৰ পিছতেই আৰক্ষীয়ে তৎপৰতাৰে গ্ৰেপ্তাৰ কৰিছিল ছফৰুদ্দিন সেখ, আমিনুৰ সেখ, জমছেৰ আলী আৰু নুৰ ইছলামক। ইমান দিনে মূল অভিযুক্ত মনিনুৰ ৰহমান পলাই আছিল যদিও আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা মনিনুৰ ৰহমানক গ্ৰেপ্তাৰ কৰাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।
আনহাতে উক্ত ঘটনা সন্দৰ্ভত গোলকগঞ্জ আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৬১(২)/ ১০৯/১১৭(৪)/৩(৫) আৰু ১০৩(২)ৰ অধীনত ৪৮/২০২৫ নম্বৰৰ এটি গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। স্থানীয় লোকে এই হত্যাকাণ্ডৰ সৈতে জড়িত সকলোৰে কঠোৰ শাস্তি দাবী জনাইছে।