কোচবিহাৰৰ মধুপুৰ সত্ৰত নিৰ্মাণ হ'ব অত্যাধুনিক অতিথিশালা...

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থভূমি অসমীয়া সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান কোচবিহাৰৰ মধুপুৰ সত্ৰ ।

author-image
Asomiya Pratidin
New Update
কোচবিহাৰৰ মধুপুৰ সত্ৰত নিৰ্মাণ হ'ব অত্যাধুনিক অতিথিশালা...

ডিজিটেল সংবাদ, ধুবুৰীঃ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থভূমি অসমীয়া সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান কোচবিহাৰৰ মধুপুৰ সত্ৰ । এই মধুপুৰ সত্ৰত এক অত্যাধুনিক অতিথিশালা নিৰ্মাণৰ বাবে এক কোটি টকাৰ অনুদান আগবঢ়াইছে পশ্চিমবংগৰ কোচবিহাৰ লোকসভা সমষ্টিৰ সাংসদ নিশিথ প্ৰামাণিকে । এশ জন যাত্ৰী থাকিব পৰাকৈ নিৰ্মাণ হ'ব অতিথিশালাটো।

Advertisment

সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে, সত্ৰ সমিতিৰ অহৰহ প্ৰচেষ্টাৰ ফলত সাংসদগৰাকীয়ে সত্ৰখনৰ সৰ্বাংগী উন্নয়নৰ গতি অধিক গতিশীল কৰা আৰু ভক্তসকলে সত্ৰত নিশা কটাবলৈ বিভিন্ন সময়ত সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি সাংসদগৰাকীয়ে এই আৰ্থিক অনুদান আগবঢ়াইছে। এই অতিথিশালাটোত ভক্তসকলৰ বাবে সকলো ধৰণৰ আধুনিক সা-সুবিধা উপলব্ধ হ'ব।

সাংসদ গৰাকীৰ প্ৰতিনিধিয়ে ইতিমধ্যে সত্ৰ চৌহদ পৰিদৰ্শন কৰি ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ পীতাম্বৰ ভকত, সত্ৰ সমিতিৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী আৰু স্থানীয় তদাৰক সমিতিৰ সম্পাদক ডা⁰ কেশৱ চন্দ্ৰ দাসৰ লগত আলোচনাত মিলিত হৈছে । মধুপুৰ সত্ৰ সমিতিয়ে সাংসদগৰাকীয়ে সত্ৰখনৰ প্ৰতি দেখুওৱা এনে মহান প্ৰচেষ্টাই গুৰুজনাই উত্তৰবংগ আৰু অসমৰ মাজত যি শক্তিশালী ভাতৃত্ববোধ আৰু সমন্বয়ৰ সপোন দেখিছিল সেই সপোন সাকাৰ ৰূপ লোৱাত এক উল্লেখযোগ্য অৱদান আগবঢ়াব বুলি আশা প্ৰকাশ কৰিছে। সমিতিয়ে সাংসদ গৰাকীৰ এনে কাৰ্য্যব্যৱস্থাক আদৰণি জনাই নিকা আৰু স্বচ্ছভাৱে যাতে আঁচনিখন ৰূপায়ণ কৰা হয় তাৰ ওপৰত দৃষ্টি ৰাখিবলৈ ভক্তপ্ৰাণ ৰাইজক আহ্বান জনাইছে।

Also Read: অসম তথা ভাৰতত অল কাইদাৰ সদস্য নিয়োগ কৰা শীৰ্ষ নেতা আবু তালহাক গ্ৰেপ্তাৰ...

madhupur satra